ETV Bharat / bharat

Abdul Khaleque slams Baba Ramdev: মুছলমান বিৰোধী মন্তব্যৰ বাবে ৰামদেৱক ক্ষমা খোজাৰ দাবী সাংসদ খালেকৰ

author img

By

Published : Feb 3, 2023, 10:15 PM IST

Abdul Khaleque slams Baba Ramdev
ৰামদেৱক ক্ষমা খোজাৰ দাবী সাংসদ খালেকৰ

ৰাজস্থানৰ এক অনুষ্ঠানত যোগগুৰু বাবা ৰামদেৱে কৰা ইছলাম বিৰোধী মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ আব্দুল খালেকে ৷ বৰপেটাৰ সাংসদগৰাকীয়ে ৰামদেৱক এই মন্তব্য উঠাই লোৱাৰ লগতে ক্ষমা খুজিবলৈ দাবী জনায় (Abdul Khaleque slams Baba Ramdev) ৷

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী: এদিন পূৰ্বে যোগ গুৰু ৰামদেৱে এটা বিশেষ সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৰপেটা সংসদীয় সমষ্টিৰ সাংসদ আব্দুল খালেকে এই মন্তব্য সন্দৰ্ভত উভতি ধৰিলে যোগগুৰু ৰামদেৱক ৷ সাংসদগৰাকীয়ে ৰামদেৱক সমালোচনা কৰাৰ লগতে ক্ষমা খুজিবলৈও দাবী জনায় ৷ তেওঁ কয়, "কোনো সম্প্ৰদায়ক লক্ষ্য কৰি সমালোচনা কৰাটো ভাল কথা নহয় ৷ বাবা ৰামদেৱে তেওঁৰ মন্তব্য উঠাই ল’ব লাগিব’’ (Baba Ramdev controversial remarks on Muslims) ৷

ৰাজস্থানৰ বাৰ্মাৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বাবা ৰামদেৱে বৃহস্পতিবাৰে এক বিতৰ্কিত মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল, ‘‘মুছলমানে কেৱল নামাজ পঢ়িবলৈ আৰু তেওঁলোকে বিচৰা ধৰণে যিকোনো কাম কৰিবলৈ চিন্তা কৰে (Ramdev criticizes Muslims) ৷ হিন্দু ছোৱালীক অপহৰণ কৰাটো ভাল কথা বুলি তেওঁলোকে ভাবে ৷ তেওঁলোকে নামাজ পঢ়াটোৱেই একমাত্ৰ প্ৰয়োজন বুলি ভাবে’’ (Baba Ramdev statement on Namaz) ৷

তেওঁ লগতে ইছলামত ঈশ্বৰত্বৰ সৈতে জড়িত ধাৰণাসমূহক আৰু অধিক সমালোচনা কৰে ৷ ‘‘জন্নত মানে ভৰিৰ পানীগাঁঠিৰ ওপৰত পায়জামা পিন্ধা, মোচ কাটা আৰু টুপী পিন্ধা ৷ ইছলাম বা কোৰাণে এই কথা কোৱা নাই, কিন্তু মানুহে সেয়াই কৰে’’ বুলি ৰামদেৱে তীৰ্যক মন্তব্য কৰে (Baba Ramdev muslim controversy) ৷

শুকুৰবাৰে এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খালেকে কয় যে, ৰামদেৱে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে (Allegation against Muslims) ৷ কিন্তু সমাজৰ অপৰাধমূলক দৃষ্টান্তৰ ক্ষেত্ৰত তেওঁ মৌন আছিল (Abdul Khaleque criticizes Ramdev)। খালেকে কয়, "অংকিতা ভাণ্ডাৰীক মুছলমানে ধৰ্ষণ কৰি হত্যা কৰা নাছিল । অৱশ্যে অংকিতাই একমাত্ৰ গোচৰ নহয়, অমুছলমান জড়িত হোৱাৰ কেইবাটাও দৃষ্টান্ত আছে"(Abdul Kheleque reacts on Ramdev comment) ৷

ইতিমধ্যে অব্যাহত থকা লোকসভাৰ অধিৱেশনত চৰকাৰে ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) বিষয়টো উত্থাপন কৰাৰ যিকোনো সম্ভাৱনাৰ বিষয়ে সোধাত কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, “এনে কোনো আইন অনাৰ পূৰ্বে সকলো দলৰ সৈতে পৰামৰ্শ লোৱা উচিত” । তেওঁ আৰু কয় যে, যিকোনো বৃহৎ আইন কাৰ্যকৰী কৰাৰ পূৰ্বে সংখ্যালঘু সম্প্ৰদায়ৰ মতামতো বিবেচনা কৰা উচিত ।

লগতে পঢ়ক: Superstitions in Jorhat : যোৰহাটত সমাজৰ বৈষম্যৰ বলি এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.