ETV Bharat / bharat

Asia Cup final 2023: শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত আজি ভাৰত বনাম শ্ৰীলংকাৰ খিতাপ জয়ৰ যুঁজ

author img

By ANI

Published : Sep 17, 2023, 9:20 AM IST

Asia Cup final 2023
আজি শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়াম ভাৰত-শ্ৰীলংকাৰ শ্ৰেষ্ঠত্বৰ যুঁজ

আজি এছিয়া কাপ 2023ৰ ফাইনেল মেচ ৷ শ্ৰেষ্ঠত্বৰ যুঁজত নামিব ভাৰত-শ্ৰীলংকা ৷ ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাৰ লগে লগে আৰম্ভ হ’ব চূড়ান্ত মেচখন ৷

নিউজ ডেস্ক,17 ছেপ্টেম্বৰ : কোন হ’ব এছিয়াৰ 22 গ’জৰ চেষ্ট দল ! ভাৰত নে শ্ৰীলংকা ! প্ৰতিজন ক্ৰিকেট প্ৰেমীয়ে অধীৰ আগ্ৰহৰে অপেক্ষাৰত ৷ কাৰণ আজি শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়াম অনুষ্ঠিত হ’ব এছিয়া কাপ 2023ৰ ফাইনেল মেচ ৷ ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত মেচখন ৷ ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাৰ লগে লগে আৰম্ভ হ’ব ক্ৰিকেট এছিয়াৰ শ্ৰেষ্ঠত্বৰ যুঁজখন ৷

ইতিমধ্যে দুয়োটা দলে গ্ৰুপ পৰ্যায়ত উন্নত খেল প্ৰদৰ্শ কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷ দুয়োটা দলে অধিক আত্মবিশ্বাসী ৷ বিশেষকৈ আয়োজক দেশ শ্ৰীলংকাক ঘৰুৱা মাটিত পৰাস্ত কৰাটো বৰ সহজ নহ’ব ভাৰতীয় দলৰ বাবে ৷ তথাপিও 2018 চনৰ পিচৰ পৰা এছিয়া কাপ দখল কৰিব নোৱাৰা ভাৰতীয় ক্ৰিকেট দলে 5 বছৰীয়া বিফলতাৰ দাগ মচিবলৈ 22 গ’জৰ ফিল্ডত নামিব ৰোহিত বাহিনী ৷

  • 🚨 NEWS: Washington Sundar replaces Axar Patel

    Mr. Axar Patel has been ruled out of the #AsiaCup2023 final against Sri Lanka due to a left quadriceps strain sustained during India's Super Four match against Bangladesh on Friday. #TeamIndia

    Details 🔽https://t.co/CNZ2DDlBBa

    — BCCI (@BCCI) September 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, পাকিস্তান এছিয়া কাপৰ ফাইনেল মেচৰ পৰা বাহিৰ হোৱাৰ পাচতে ক্ৰিকেট প্ৰেমীৰ বাবে ভাৰতীয় দল হৈ পৰিছে অধিক ফেভাৰেট ৷ এছিয়া কাপৰ এদিনীয়াৰ 6 বাৰ আৰু T-20ৰ এবাৰ সৰ্বমুঠ 7 বাৰৰ এছিয়া কাপ দখল কৰা ভাৰতৰ বাবে আজি ফাইনেল মেচখন অধিক গুৰুত্বপূৰ্ণ ৷ ইফালে 6 বাৰৰ চেম্পিয়ন শ্ৰীলংকাই পুনৰ খিতাপ দখলৰ বাবে ফিল্ডত নামিব দাচন ছানাকা বাহিনী ৷ শ্ৰীলংকাই ভাৰতীয় বেটচমেনক বিপাঙত পেলাবলৈ সাজু কৰিছে বিশেষ ৰণকৌশল ৷

আজি ভাৰতীয় দলৰ প্লেয়িং 11ত পৰিৱৰ্তন কৰা হ’ব বুলি ইতিমধ্যে সদৰী কৰিছে বি চি চি আয়ে ৷ চুপাৰ 4ৰ এখন মেচত বিৰাট কোহলী, যশপ্ৰীত বুমৰাহক দিয়া হৈছিল বিশ্ৰাম ৷ আনহাতে আজিৰ মেচখনত স্থান পোৱাৰ সম্ভাৱনা আছে শ্ৰেয়াছ আয়াৰ ৷

লগতে পঢ়ক:Asia Cup 2023 : ৰাহুলৰ সৈতে খেলা ইনিংছটো এক অনবদ্য ইনিংছ; ৪৭ সংখ্যক এদিনীয়া শতকৰ পিছত কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.