ETV Bharat / bharat

Kiren Rijiju in Arunachal: কৃষি তথা উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে উপগ্ৰহৰ তথ্য ব্যৱহাৰৰ প্ৰস্তাৱ অৰুণাচলৰ ৰাজ্যপালৰ

author img

By ANI

Published : Sep 17, 2023, 11:01 AM IST

Arunachal Governor proposes using satellite data
অৰুণাচলত কিৰেন ৰিজিজু

শনিবাৰে ইটানগৰৰ ৰাজভৱনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু ৷ তাতে তেওঁ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কে টি পৰ্নাইকৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শেহতীয়া সাফল্য আৰু প্ৰয়োগৰ জৰিয়তে উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে ।

নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে ইটানগৰৰ ৰাজভৱনত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কে টি পৰ্নাইকক সাক্ষাৎ কৰে । তাৰ পাচতে দুয়ো এক বৈঠকত মিলিত হয় ৷ এই বৈঠকতে মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট কে টি পৰ্নাইকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শেহতীয়া সাফল্য আৰু প্ৰয়োগৰ জৰিয়তে উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে ।

এই বৈঠকতে ৰাজ্যপালগৰাকীয়ে কৃষি আৰু উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে উপযুক্ত তথ্যপাতি যুগুত কৰা, আন্তঃগাঁথনি উন্নয়নৰ অগ্ৰগতি নিৰীক্ষণ কৰা, ভূমিস্খলন আৰু বানপানী প্ৰৱণ অঞ্চলসমূহ পৰ্যবেক্ষণ কৰা বিষয়সমূহত গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাজ্য চৰকাৰক বাস্তৱ সময়ত প্ৰয়োজনীয় তথ্যপাতি প্ৰদানৰ ক্ষেত্ৰত সহায় আৰু সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায় । সংবাদ সংস্থা ANI এ সদৰী কৰে এই তথ্য ৷

অৰুণাচল প্ৰদেশৰ বহু ঠাইত ধাৰাষাৰ বৰষুণ, বজ্ৰপাত, ঘূৰ্ণীবতাহ, শিলাবৃষ্টি, ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত সঘনা হৈ থকা ক্ষয়-ক্ষতি সন্দৰ্ভতো ৰাজ্যপাল লেফটেনেণ্ট কে টি পৰ্নাইকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক অৱগত কৰে । ৰাজ্যপালগৰাকীয়ে লগতে ৰাজ্যত এটা পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপন পৰামৰ্শ দিয়ে, যাতে সামাজিক-সমাজৰ অৰ্থনৈতিক লাভালাভ হয় ।

ৰাজ্যখনৰ ভূগৰ্ভস্থ, ভূতত্ব আৰু খনিজ আৱৰ্জনাৰ সন্দৰ্ভত নতুন তথ্য প্ৰদানৰ বাবে ভূ-ভৌতিক অন্বেষণ চলোৱাৰ পৰামৰ্শও আগবঢ়ায় ৰাজ্যপালে কে টি পৰ্নাইকে । এই বৈঠকতে ৰাজ্যখনক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক ইতিবাচক ইংগিত প্ৰদান কৰে বুলি উল্লেখ কৰে সংবাদ সংস্থা ANI এ ৷

লগতে পঢ়ক : 73rd birthday of PM Modi: প্ৰধানমন্ত্ৰী মোদীৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰম্ভ Seva Pakhwada অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.