ETV Bharat / bharat

73rd birthday of PM Modi: প্ৰধানমন্ত্ৰী মোদীৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰম্ভ Seva Pakhwada অভিযান

author img

By ANI

Published : Sep 17, 2023, 9:29 AM IST

আজি প্ৰধানমন্ত্ৰী মোদীৰ ৭৩ বছৰীয়া জন্ম বাৰ্ষিকী ৷ প্ৰধানমন্ত্ৰী মোদীৰ জন্ম বাৰ্ষিকী উপলক্ষে বিজেপিয়ে ‘‘নামো' এপ’’ত ‘‘Seva Pakhwada’’ নামেৰে এক বিশেষ অভিযান আৰম্ভ কৰিছে । পিছে কি হয় এই অভিযানটো ৷ সবিশেষ এই বাতৰিত ৷

73rd birthday of PM Modi
Etv Bharatপ্ৰধানমন্ত্ৰী মোদীৰ জন্ম বাৰ্ষিকী

নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : ৭৩ বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী মোদীৰ ৭৩ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে দেওবাৰে বিজেপিয়ে ‘‘নামো' এপ’’ত ‘‘Seva Pakhwada’’ (সেৱা পষেক অৰ্থাৎ সেৱাৰ সময়) নামেৰে এক বিশেষ অভিযান আৰম্ভ কৰে । ‘‘সেৱা পষেক’’ অভিযানত ৬ টা কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে ৷ য’ত দেশবাসীয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷ লগতে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ ৭৩ বছৰীয়া জন্ম বাৰ্ষিকীৰ শুভেচ্ছাও জনাব পাৰিব ৷

সংবাদ সংস্থা ANI ত উল্লেখ কৰা অনুসৰি, ‘‘সেৱা পষেক’’ অভিযানত অংশ ল’বলৈ প্ৰথমতে নিজৰ ম’বাইল ফোন বা ইমেল ID ৰ জৰিয়তে ‘নমো’ এপ লগইন কৰিব লাগিব ৷ য’ত Mera Saansad Portal টো পঞ্জীয়ন কৰা হৈছে । তাৰ পিচত সেৱা পষেক বেনাৰত ক্লিক কৰিব লাগিব । ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযান ২ অক্টোবৰলৈকে (গান্ধী জয়ন্তী) চলিব ।

সেৱা পষেক বেনাৰত ক্লিক কৰিলে ব্যৱহাৰকাৰীয়ে সেৱা পষেকৰ হোম পেজত কেইবাটাও বিকল্প পাব ৷ সেইকেইটা হ’ল- ‘‘Virtual Exhibition Corner, Video Shubhkaamna, Family E-card Seva, Activities Pragati Path Par Bharat and Bharat Supports Modi’’ ৷

Virtual Exhibition Corner :

প্ৰথমতে সেৱা পষেক অভিযানৰ হোম পেজৰ বেনাৰত ক্লিক কৰিব লাগিব । য’ত পূৰ্বে নিৰ্মিত ভিডিঅ’সমূহ চাবলৈ watch Yuva Namo ত ক্লিক কৰিব লাগিব । PM কাহিনী সৃষ্টি কৰিবলৈ নিজৰ পছন্দৰ পাঁচৰ পৰা দহখন ফটো নিৰ্বাচন কৰি create story ত ক্লিক কৰিব লাগিব ৷

Video Shubhkaamna :

সেৱা পষেক অভিযানৰ হোম পেজৰ পৰা ভিডিঅ’ শুভকামনাত ক্লিক কৰিব লাগিব । তাৰ পাচত নিজৰ ভিডিঅ’ আপলোড বা ৰেকৰ্ড কৰিবলৈ ভিডিঅ’ আপলোডত ক্লিক কৰিব লাগিব ৷ নিজৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ পিচত ভিডিঅ’ অভিবাদন শিতানত গৈ ভিডিঅ’ পোষ্টত ক্লিক কৰিব লাগিব ৷

অন্যান্য লোকে পোষ্ট কৰা ভিডিঅ’বোৰ চাবলৈ ভিডিঅ’ ৱালত ক্লিক কৰিব লাগিব ৷ তাতেই দেশৰ নাগৰিকে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা শুভকামনাৰ ভিডিঅ’বোৰত লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰিব পাৰিব ৷

প্ৰধানমন্ত্ৰী মোদীলৈ ‘‘Family E-card’’ :

‘‘নামো এপত সেৱা পষেক অভিযানৰ হোমপেজৰ পৰা Family E-card বেনাৰত গৈ Create A Family E Card ত ক্লিক কৰিব লাগিব । জন্মদিনৰ শুভেচ্ছা শিতানত বাৰ্তা লিখি 'Next' ত গৈ ই-কাৰ্ড সফলভাৱে পোষ্ট কৰিব পাৰিব ৷ Invite Your Family ত ক্লিক কৰি নিজৰ পৰিয়ালক লাইক কৰিবলৈ আমন্ত্ৰণ জনাবও পাৰিব ৷ লগতে E-card সমূহ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিবও পাৰিব ৷

Activities Pragati Path Par Bharat :

সেৱা পষেক অভিযানৰ হোমপেজত ‘‘Humein Chalte Jaana Hai’’ শিতানৰ অধীনত নমো এপটোৰ জৰিয়তে ভাৰতৰ কেইটামান গুৰুত্বপূৰ্ণ চাইট (Iconic sites of Bharat) নিৰ্বাচন কৰি প্ৰধানমন্ত্ৰী মোদীৰ শাসনৰ অগ্ৰগতি চাব পাৰিব ৷ লগতে ইয়াক ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবও পাৰিব ৷

Bharat Supports Modi :

সেৱা পষেক অভিযানৰ হোম পেজত থকা Humein Chalte Jaana Hai শিতানত ক্লিক কৰিলে ভাৰতৰ এখন মানচিত্ৰ খোল খাব ৷ য’ত সেৱা কৰা মানুহৰ ক’লাজ দেখা পাব । "আপুনি ক’লাজৰ যিকোনো টাইলত ক্লিক কৰি মেপত ছবিখন চাব পাৰিব । সেই নিৰ্দিষ্ট ক’লাজটো শ্বেয়াৰ কৰিব পাৰিব ৷

লগতে পঢ়ক : PM Modi’s 73rd birth anniversary: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্ম বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.