ETV Bharat / bharat

জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

author img

By

Published : Jul 15, 2021, 5:38 PM IST

Another Jamaat ul Mujahideen Bangladesh terrorist arrested near Barasat
পশ্চিমবংগৰ বাৰাসাতত JMBৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

পশ্চিমবংগত বাহৰ পাতিছে জামাত-উল-মুজাহিদীন বাংলাদেশ(Jamaat-ul- Mujahideen Bangladesh)ৰ সন্ত্ৰাসবাদীয়ে । বিশেষ টাস্ক ফ'ৰ্চ(Special Task Force)ৰ জালত পৰিছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদী । বুধবাৰে নিশা ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাসাতৰ পৰা বিশেষ টাস্ক ফ'ৰ্চে গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী সংগঠনটোৰ এটা সন্ত্ৰাসবাদী ।

নেশ্যনেল ডেস্ক, ১৫ জুলাই : পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চ(Special Task Force)ৰ জালত পৰিল জামাত-উল-মুজাহিদীন বাংলাদেশ(Jamaat-ul- Mujahideen Bangladesh)ৰ আন এটা সন্ত্ৰাসবাদী । আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে নিশা ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাসাত পৌৰসভা অঞ্চলস্থিত নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰে । সন্ত্ৰাসবাদীটোৰ নাম লালু সেন ওৰফে ৰাহুল সেন অথবা ৰাহুল কুমাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে দক্ষিণ কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰা জামাত-উল-মুজাহিদীন বাংলাদেশ(Jamaat-ul- Mujahideen Bangladesh)ৰ আন তিনিটা সন্ত্ৰাসবাদী লালু সেনৰ ঘনিষ্ঠ সহযোগী ।

আৰক্ষীয়ে ধৃত সন্ত্ৰাসবাদীটোৰ পৰা দুটা লেপটপ, এটা আইপেড, দুটা মোবাইল ফোন আৰু কেতবোৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে । আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, লালু সেনে আন সন্ত্ৰাসবাদীক সহায় কৰিছিল । বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আৰু বিত্তীয় সমৰ্থন আগবঢ়াইছিল সহযোগী সন্ত্ৰাসবাদীক । 'হুন্ডি'ৰ জড়িয়তে সন্ত্রাসবাদী সংগঠনটোক ধনৰ যোগান ধৰিছিল লালু সেনে ।

ভোটাৰ পৰিচয় পত্ৰ, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আদি ভুৱা নথি-পত্ৰ তৈয়াৰ কৰা কাৰ্যৰেও লালু হৈ জড়িত আছিল । আনহাতে, কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে দেওবাৰে দক্ষিণ কলকাতাৰ হৰিদেৱপুৰ অঞ্চলৰ পৰা জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদী নাজিউৰ ৰহমান, ৰাবিউল ইছলাম আৰু চাবিৰক গ্ৰেপ্তাৰ কৰিছিল ।

এই তিনিওটা সন্ত্ৰাসবাদী কেইমাহমান পূৰ্বে বাংলাদেশৰ পৰা কলকাতালৈ আহিছিল আৰু এটা ভাড়াঘৰত আশ্ৰয় লৈছিল । এই সন্ত্ৰাসবাদীকেইটাৰ আল-কায়েদা(Al-Qaeda) আৰু হৰকত-উল-জিহাদ আল-ইছলামী(Harkat-ul-Jihad al-Islami)ৰ সৈতেও সম্পৰ্ক থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । আৰক্ষীয়ে জনোৱা মতে, পশ্চিমবংগত সন্ত্ৰাসবাদীকেইটাই বাহৰ পাতি থাকি ভয়াৱহ ষড়যন্ত্ৰ ৰচনা কৰিছিল ।

যোৱা কেইবছৰমানত পশ্চিমবংগত ভাৰতীয়সহ কেইবাটাও জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰা হৈছে । ২০১৬ চনত বাংলাদেশৰ ঢাকাৰ এখন কেফেত আক্ৰমণ কৰিছিল জামাত-উল-মুজাহিদীন বাংলাদেশে । এই আক্ৰমণত ১৭ জন বিদেশী নাগৰিকসহ মুঠ ২২ জন লোক নিহত হৈছিল । ২০১৯ চনত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অনুমান কৰা মতে, এতিয়া ভাৰততো জামাত-উল-মুজাহিদীন বাংলাদেশ আক্ৰমণৰ বাবে জাল পাতিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক:দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.