ETV Bharat / bharat

চেন্নাই সাৰ কাৰখানাত এমোনিয়া গেছ নিৰ্গমন; চিকিৎসালয়ত ভৰ্তি কেইবাজনো

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 2:12 PM IST

Ammonia Gas Leak Incident : ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা প্ৰায় ১১.৪৫ বজাত । এমোনিয়া গেছ নিৰ্গমনৰ ফলত চৌপাশৰ অঞ্চলবোৰত এক অস্বস্তিকৰ গোন্ধ বিয়পি পৰে । যাৰ ফলত লোকসকলৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় ।

Ammonia Gas Leak in Chennai Fertiliser Unit
চেন্নাই সাৰ কাৰখানাত এমোনিয়া গেছ নিৰ্গমন; চিকিৎসালয়ত ভৰ্তি কেইবাজনো

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : উত্তৰ চেন্নাইৰ এন্নোৰৰ এটা সাৰ কাৰখানাত ভয়ংকৰ ঘটনা । সাৰ কাৰখানাটোৰ পৰা হঠাতে নিৰ্গত হয় এমোনিয়া গেছ । যাৰ ফলত বহু লোকৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে । ইয়াৰ ফলত অঞ্চলটোত এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হয় । এমোনিয়া গোছ নিৰ্গমনৰ ফলত আক্ৰান্ত হয় বহু লোক । অসুস্থতা অনুভৱ কৰাৰ বাবে কেইবাজনো ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা প্ৰায় ১১.৪৫ বজাত । এমোনিয়া গেছ নিৰ্গমনৰ ফলত চৌপাশৰ অঞ্চলবোৰত এক অস্বস্তিকৰ গোন্ধ বিয়পি পৰে । যাৰ ফলত লোকসকলৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় ।

সাৰ কাৰখানাটোৰ ওচৰৰ পেৰিয়া কুপ্পামকে ধৰি চুবুৰীয়া আৱাসিক অঞ্চলৰ ৩০ জনৰো অধিক লোকে অস্থিৰতা, ওকালি অহা আৰু মূৰ্চ্ছা যোৱাৰ দৰে লক্ষণৰ বিষয়ে জনায় । চৰকাৰী সূত্ৰ অনুসৰি, ঘটনাটো সংঘটিত হোৱাৰ লগে লগে জৰুৰীকালীন সঁহাৰি দলে ক্ষতিগ্ৰস্ত ব্যক্তিসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ দ্ৰুততাৰে প্ৰেৰণ কৰে ।

আনহাতে, গেছ নিৰ্গমন হোৱাৰ বিষয়ে জানিবলৈ পোৱাৰ পিছতে অঞ্চলটোৰ আৱাসীসকল আতংকিত হৈ পৰে । তেওঁলোকে নিজৰ ঘৰৰ পৰা ওলাই আহি ৰাস্তাত একত্ৰিত হয় আৰু সহায় বিচাৰে । ইফালে সাৰ কাৰখানাটোৰ সংশ্লিষ্ট বিষয়াসকলে গেছ নিৰ্গমন হোৱাৰ কাৰিকৰী সমস্যা সমাধানৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

ইফালে অধৈৰ্য হৈ পৰা আৱাসীসকলক শান্ত কৰিবলৈ আৰক্ষীও নিয়োগ কৰিবলগা হয় । লগতে তেওঁলোকক আশ্বাস দিয়ে যে বিশেষজ্ঞসকলে সক্ৰিয়ভাৱে পৰিস্থিতিটো সমাধান কৰাৰ চেষ্টা কৰি আছে । কৰ্তৃপক্ষই আৱাসীসকলক তেওঁলোকৰ ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় । তেওঁলোকে ৰাইজক জনায় যে বিশেষ কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱা নাই । উল্লেখ্য যে এই ঘটনাটোৱে প্ৰভাৱিত সম্প্ৰদায়ৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে ঔদ্যোগিক দুৰ্ঘটনাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত দ্ৰুত জৰুৰীকালীন সঁহাৰি ব্যৱস্থা গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে ।

লগতে পঢ়ক :নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, কোনেও বন্ধ কৰিব নোৱাৰে; অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.