ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, কোনেও বন্ধ কৰিব নোৱাৰে; অমিত শ্বাহ

author img

By PTI

Published : Dec 27, 2023, 9:58 AM IST

Updated : Dec 27, 2023, 2:13 PM IST

Amit Shah on CAA
নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, কোনেও বন্ধ কৰিব নোৱাৰে; অমিত শ্বাহ

Amit Shah on CAA Implementation : নাগৰিকত্ব (সংশোধনী) আইন হৈছে দেশৰ আইন আৰু কোনেও ইয়াৰ কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰে । এয়া আমাৰ দলৰ প্ৰতিশ্ৰুতি । অমিত শ্বাহে কয় ।

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুনৰ দৃঢ়তাৰে কৈছে যে নাগৰিকত্ব (সংশোধনী) আইনৰ কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে । কিয়নো ই হৈছে দেশৰ আইন । লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এই বিষয়টোত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো অভিযোগ উত্থাপন কৰে ।

মঙলবাৰে কলকাতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ'চিয়েল মিডিয়া আৰু আই টি শাখাৰ সদস্যসকলৰ এখন ৰুদ্ধদ্বাৰ বৈঠক সম্বোধন কৰি অমিত শ্বাহে কয় যে 'কা' কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতি ।

শ্বাহে এই কথাত বিশ্বাস ব্যক্ত কৰে যে দলটোৱে ৰাজ্যখনৰ পৰা ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব । উল্লেখ্য যে ২০১৯ চনৰ নিৰ্বাচনত গেৰুৱা শিবিৰে ১৮ খন আসন লাভ কৰিছিল ।

আনহাতে, বংগ বিজেপি মিডিয়া চেলে এই কাৰ্যসূচীত অমিত শ্বাহৰ বক্তব্যৰ মূল বিষয়ৰ এখন তালিকাও শ্বেয়াৰ কৰে । ইফালে সন্ধিয়ালৈ অমিত শ্বাহৰ ভাষণৰ কেইটামান ভিডিঅ' ক্লিপো শ্বেয়াৰ কৰে ।

"আমি পৰৱৰ্তী বিধানসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপি চৰকাৰ গঠনৰ বাবে কাম কৰিব লাগিব । বিজেপি চৰকাৰৰ অৰ্থ হ'ব অনুপ্ৰৱেশ, গৰুৰ চোৰাং ব্যৱসায়ৰ সমাপ্তি আৰু 'কা'ৰ জৰিয়তে ধৰ্মীয়ভাৱে নিৰ্যাতিত লোকসকলক নাগৰিকত্ব প্ৰদান কৰা ।" তেওঁ দলীয় কাৰ্যসূচীত কয় ।

ইফালে অমিত শ্বাহে 'কা' সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰে । "কেতিয়াবা তেওঁ দেশত 'কা' কাৰ্যকৰী হ'বনে নহয় বুলি জনসাধাৰণক, শৰণাৰ্থীসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে । মই এইটো স্পষ্টকৈ ক'ব বিচাৰোঁ যে নাগৰিকত্ব (সংশোধনী) আইন হৈছে দেশৰ আইন আৰু কোনেও ইয়াৰ কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰে । এয়াআমাৰ দলৰ প্ৰতিশ্ৰুতি ।" তেওঁ কয় ।

উল্লেখ্য যে ২০১৯ চনত সংসদ গৃহীত 'কা'ৰ বিৰোধিতা কৰি আহিছে মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে । আনহাতে, বিতৰ্কিত 'কা' কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপিৰ এক ডাঙৰ নিৰ্বাচনী ইচ্ছ্যু আছিল । গেৰুৱা দলৰ নেতাসকলে ইয়াক এক প্ৰশংসনীয় কাৰক বুলি বিবেচনা কৰে, যাৰ ফলত বংগত বিজেপিৰ উত্থান ঘটিছিল ।

'কা'ৰ জৰিয়তে ৩১ ডিচেম্বৰ, ২০১৪ তাৰিখ বা তাৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসকলৰ দৰে নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে ।

লগতে পঢ়ক :ভাৰতত থকা ইজৰাইলৰ নাগৰিকলৈ সতৰ্কতা জাৰি ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ, ত্যাগ কৰক ৰজহুৱা স্থান

Last Updated :Dec 27, 2023, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.