ETV Bharat / bharat

ভাৰতত থকা ইজৰাইলৰ নাগৰিকলৈ সতৰ্কতা জাৰি ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ, ত্যাগ কৰক ৰজহুৱা স্থান

author img

By PTI

Published : Dec 27, 2023, 8:25 AM IST

নতুন দিল্লীৰ চাণক্যপুৰীস্থিত ইজৰাইলী দূতাবাসৰ( Israell Embassy in Delhi) সমীপত সংঘটিত বোমা বিস্ফোৰণৰ (Blast near Israell Embassy in New Delhi)পাছতে ইজৰাইলৰ নাগৰিকৰ বাবে বিশেষ পৰামৰ্শ ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ(Israeli National Security Council) ৷ পৰাপক্ষত ৰাজহুৱা স্থান ত্যাগ কৰিবলৈ ইজৰাইলৰ নাগৰিক পৰামৰ্শ ৷

israel issues travel warning for india
ইজৰাইলৰ নাগৰিকলৈ সতৰ্কতা জাৰি ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ

নিউজ ডেস্ক, 27 ডিচেম্বৰ : ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰততো ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত ইজৰাইল-হামাছৰ যুদ্ধক লৈ প্ৰতিক্ৰিয়াৰ মাজতে ভাৰতৰ নতুন দিল্লীৰ চাণক্যপুৰীস্থিত ইজৰাইলী দূতাবাসৰ সমীপত মঙলবাৰে বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ মঙলবাৰে সন্ধিয়া 5.48 মিনিটত হোৱা বিস্ফোৰণৰ ফলত বৰ্তমানলৈকে কোনো লোক নিহত বা আহত হোৱাৰ খবৰ প্ৰকাশ পোৱা নাই ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

আনহাতে, নতুন দিল্লীস্থিত ইজৰাইলী দূতাবাসৰ সমীপত হোৱা বিস্ফোৰণটো সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি সন্দেহ কৰা হৈছে ৷ উক্ত ঘটনাৰ পাচতে ভাৰত ভ্ৰমণ কৰা বা ভাৰতত থকা ইজৰাইলৰ নাগৰিকৰ বাবে কেতবোৰ পৰামৰ্শ জাৰি কৰিছে ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে ৷ ভাৰতত থকা প্ৰতিজন ইজৰাইলৰ নাগৰিকে ৰাজহুৱা স্থানত সাৱধানতা অৱলম্বন কৰা, সামাজিক মাধ্যমত ভ্ৰমণ বা অন্য বিষয়ত পোষ্টৰ কৰাৰ পৰা দূৰত থকাৰ লগতে অসুৰক্ষিত অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

বোমা বিস্ফোৰণৰ সন্দৰ্ভত ইজৰাইলী দূতাবাসৰ মুখপাত্ৰ গাই নিৰে কয়, ‘‘সন্ধিয়া প্ৰায় ৫:৪৮ বজাত ইজৰাইলৰ দূতাবাসৰ সমীপত এটা বিস্ফোৰণ হৈছিল । সমগ্ৰ বিষয়টো দিল্লী আৰক্ষী তদন্ত কৰি আছে । এয়া সন্ত্ৰাসবাদীৰে আক্ৰমণ বুলি সন্দেহ কৰা হৈছে ৷’’ ইফালে ইজৰাইলৰ দূতাবাসত পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে বুলিও সন্দেহ কৰা হৈছে ৷

ইজৰাইলৰ দূতাবাসৰ সমীপত অৱস্থিত কেন্দ্ৰীয় হিন্দী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাহিৰৰ সংঘটিত বিস্ফোৰণৰ লগে লগে দিল্লী আৰক্ষীৰ বিশেষ কোষ, বোমা বিশেষজ্ঞৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় । উক্ত ঘটনাটোৰ পাছতে দূতাবাস আৰু অন্যান্য ইজৰাইলী প্ৰতিষ্ঠানৰ চাৰিওফালে নিৰাপত্তা অধিক বৃদ্ধি কৰা হৈছিল বুলি দিল্লী প্ৰশাসনে জানিবলৈ দিছে ৷

লগতে পঢ়ক : ইজৰাইলৰ দূতাবাসৰ কাষত বিস্ফোৰণ; সুকলমে আছে সকলো বিষয়া-কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.