ETV Bharat / bharat

Sino Indian border dispute : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে সম্পন্ন চীনৰ সৈতে ভাৰতৰ সামৰিক আলোচনা

author img

By

Published : Aug 19, 2023, 10:17 AM IST

ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে বৈঠকত বহাৰ পূৰ্বে অনুষ্ঠিত কৰে মেজৰ জেনেৰেল পৰ্যায়ত আলোচনা ৷ দুটা স্থানত অনুষ্ঠিত হয় এই বৈঠক ৷ আলোচনাত ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰিছিল ত্ৰিশুল ডিভিজন কমাণ্ডাৰ মেজৰ জেনেৰেল পি কে মিশ্ৰ আৰু ইউনিফৰ্ম ফ’ৰ্চ কমাণ্ডাৰ মেজৰ জেনেৰেল হৰিহৰণে ।

PM MODI XI JINPING MEET IN SOUTH AFRICA
চীনৰ সৈতে ভাৰতৰ সামৰিক আলোচনা

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট: দক্ষিণ আফ্ৰিকাত প্ৰধানমন্ত্ৰী মোদীয়ে ঝি জিনপিঙৰ সৈতে বৈঠকত বহাৰ পূৰ্বে ভাৰত-চীনৰ সমস্যা সমাধানৰ বাবে দুয়োখন দেশে মেজৰ জেনেৰেল পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰে শুকুৰবাৰে ৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই অনুষ্ঠানতে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰিব । ইয়াৰ পূৰ্বে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বাবে সামৰিক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল ।

দক্ষিণ আফ্ৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত অনুষ্ঠিত হ’বলগীয়া নিৰ্ধাৰিত বৈঠকৰ পূৰ্বে ভাৰত আৰু চীনৰ সেনাই মেজৰ জেনেৰেল পৰ্যায়ত আলোচনাত মিলিত হয় । পূব লাডাখত চলি থকা অচলাৱস্থাৰ সমাধানৰ বাবে দৌলাত বেগ অল্ডি আৰু চুশুলত সামৰিক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয় ।

দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাটামেলা চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত অনুষ্ঠিত হ’বলগীয়া 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ 22 আগষ্টৰ পৰা 24 আগষ্টলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰতিৰক্ষা সূত্ৰই সংস্থাটোক জনোৱা মতে, দুটা স্থানত অনুষ্ঠিত হৈ যোৱা আলোচনাত ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰিছিল ত্ৰিশুল ডিভিজন কমাণ্ডাৰ মেজৰ জেনেৰেল পি কে মিশ্ৰ আৰু ইউনিফৰ্ম ফ’ৰ্চ কমাণ্ডাৰ মেজৰ জেনেৰেল হৰিহৰণে ।

13-14 আগষ্টত চুশুল মলডো সীমান্তত দুয়োপক্ষৰ মাজত অনুষ্ঠিত হোৱা 19 ৰাউণ্ডৰ ক’ৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ ফলাফলৰ পিছতে এই আলোচনা অনুষ্ঠিত হয় । সূত্ৰ সমূহে জনোৱা মতে, দুয়োপক্ষই ডেপছাং সমভূমিত পুনৰ টহল আৰম্ভ কৰাৰ লগতে চিএনএন জংচনত চীনৰ সামৰিক উপস্থিতিৰ বিষয়টোৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰে । সূত্ৰসমূহে জনোৱা মতে, যদিহে আলোচনা মেজৰ জেনেৰেল পৰ্যায়ত আগবাঢ়ে তেন্তে দুয়োটা পক্ষই ক’ৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আন এক ৰাউণ্ডৰ আলোচনা কৰি ফলাফল চূড়ান্ত কৰিব পাৰে ।

ভাৰত-চীনৰ সীমান্তত বিগত তিনি বছৰ ধৰি অব্যাহত আছে এই অচলাৱস্থা আৰু সীমান্তত উত্তেজনাৰ বাবে সকলো স্তৰৰ সম্পৰ্কৰ অৱনতি ঘটিছে । ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পূব লাডাখ খণ্ডত 50 হাজাৰৰো অধিক সৈন্য মোতায়েন কৰিছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে বিস্তৃত আলোচনা কৰিছিল আৰু তাৰ পিছত চাৰি মাহৰ ব্যৱধানৰ অন্তত মাত্ৰ 19 ৰাউণ্ডৰ ক’ৰ্পছ কমাণ্ডাৰ আলোচনাহে সম্পন্ন হৈছিল ।

লগতে পঢ়ক : Amarnath Yatra 2023: 300 ফুট উচ্চতাৰ পৰা পিচলি মৃত্যু তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.