ETV Bharat / bharat

Agnipath Scheme: সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

author img

By

Published : Jul 8, 2022, 8:25 AM IST

Agnipath scheme
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১১ জুলাইত সম্বোধন কৰিব প্ৰতিৰক্ষা বিভাগৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ এখন বৈঠক ৷ বৈঠকত অগ্নিপথ আঁচনিৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে(Defence Minister to update defence consultation committee about Agneepath scheme ) ৷

নিউজ ডেস্ক, 8 জুলাই: কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 11 জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিৰক্ষা বিভাগৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ এখন বৈঠক সম্বোধন কৰিব(Rajnath Singh parliamentary committee briefing on defence) ৷ এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সংসদীয় পৰামৰ্শদাতা সমিতিৰ সদস্যসকলক শেহতীয়াকৈ আৰম্ভ কৰা অগ্নিপথ আঁচনিৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰিব ৷ এই বৈঠকত প্ৰতিৰক্ষা বিভাগৰ সচিব, তিনি সেনাৰ প্ৰধান আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ কথা প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ে 2 জুলাইত ভাৰতীয় সেনা আৰু নৌসেনাই অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ নিযুক্তিৰ বাবে পঞ্জীয়ন আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে(Govt announces Agnipath recruitment scheme for armed forces) । উল্লেখ্য যে, অগ্নিপথ আঁচনিৰ অধীনত, অগ্নিবীৰসকলক 4 বছৰৰ বাবে স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাত নিয়োগ কৰা হ'ব ।

চাৰি বছৰৰ পিছত, তেওঁলোকৰ 25 শতাংশক যোগ্যতা, ইচ্ছা আৰু মেডিকেল ফিটনেছৰ ওপৰত ভিত্তি কৰি কেডাৰ হিচাপে নিয়োগ কৰা হ’ব অথবা তালিকাভুক্ত কৰা হ’ব । বাকী 75 শতাংশ 11-12 লাখ টকাৰ 'সেৱা নিধি' পেকেজৰ বাবে যোগ্য হ'ব । তেওঁলোকক ভবিষ্যতৰ বাবে দক্ষতাৰ প্ৰমাণপত্ৰ আৰু বেংকৰ ঋণ প্ৰদান কৰা হ'ব(Agnipath recruitment 2022) ।

শেহতীয়াকৈ অগ্নিপথ আঁচনি 2022ক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই আঁচনিখনৰ বিৰুদ্ধে দেশজুৰি ক্ষোভৰ দাবানাল জ্বলিছিল ৷ দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৷ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাও সংঘটিত হৈছিল ৷ প্ৰতিবাদকাৰীয়ে ঘাইপথকে ধৰি ৰেলপথ অৱৰোধ কৰাৰ লগতে কোনো কোনো স্থানত ৰেলত অগ্নিসংযোগ কৰিছিল ৷

লগতে পঢ়ক : "অগ্নিপথ" আঁচনিত পঞ্জীয়নৰ বাবে ৭.৫ লাখ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.