ETV Bharat / bharat

"অগ্নিপথ" আঁচনিত পঞ্জীয়নৰ বাবে ৭.৫ লাখ আবেদন

author img

By

Published : Jul 6, 2022, 7:03 AM IST

iaf-receives-more-than-7-lakh-applications-under-agnipath-scheme
"অগ্নিপথ" নিযুক্তি আঁচনিৰ পঞ্জীয়নৰ বাবে ৭.৫ লাখ আবেদন

আই এ এফে টুইটাৰযোগে জনোৱা অনুসৰি "অগ্নিপথ" নিযুক্তি আঁচনিৰ (Agneepath recruitment scheme) অধীনত মঙলবাৰলৈ ৭,৪৯,৮৯৯ খন আবেদন লাভ কৰিছে ৷ পঞ্জীয়ন প্ৰক্ৰিয়া বিগত ২৪ জুনৰ পৰা আৰম্ভ হৈ মঙলবাৰে সমাপ্ত হয় (IAF registration under Agneepath ended on June 24) ৷

নিউজ ডেস্ক, 6 জুলাই : কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত চুক্তিভিত্তিত চাকৰিত মকৰল কৰাৰ বাবে বিগত 14 জুনত ‘অগ্নিপথ আঁচনি'খন গ্ৰহণ কৰে(Govt announces Agnipath recruitment scheme for armed forces) । কিন্তু এই ‘অগ্নিপথ আঁচনি'(Agnipath recruitment 2022)ক কেন্দ্ৰ কৰি দেশৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে বিক্ষোভ-প্ৰতিবাদী কাৰ্যসূচী(Protest against Agnipath scheme) । তাৰ মাজতে মঙলবাৰে বায়ু সেনা বিভাগে অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত ৭.৫ লাখ আবেদন লাভ কৰিছে বুলি টুইটাৰযোগে সদৰি কৰে (IAF registration process receives more than 7 lakh applications) ৷

অগ্নিপথ নিযুক্তি আঁচনিৰ (Agneepath recruitment scheme) অধীনত পঞ্জীয়ন প্ৰক্ৰিয়া বিগত ২৪ জুনৰ পৰা আৰম্ভ হৈ মঙলবাৰে সমাপ্ত হয় (IAF registration under Agneepath ended on June 24) ৷ আই এ এফে টুইটাৰযোগে অগ্নিপথ নিযুক্তি আঁচনিৰ বাবে মঙলবাৰলৈ ৭,৪৯,৮৯৯ খন আবেদন লাভ কৰিছে বুলি জানিব দিয়ে ৷ উল্লেখ্য যে, অগ্নিপথ আঁচনিৰ অধীনত চাৰে ১৭ বছৰৰ পৰা ২১ বছৰলৈকে যুৱক-যুৱতীসকলক চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব । আনহাতে, তেওঁলোকৰ ২৫ শতাংশক পৰৱৰ্তী সময়ত নিয়মীয়া সেৱাৰ বাবে অন্তৰ্ভুক্ত কৰা হ'ব ।

পিছে চৰকাৰে বিগত ১৬ জুনত আঁচনিখনৰ অধীনত নিযুক্তিৰ বাবে উচ্চতম বয়সৰ সীমা এই বছৰৰ বাবে ২১ ৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰিছিল (Government had increased upper age limit for recruitment)। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত অগ্নিবীৰ আৰু প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত অগ্ৰাধিকাৰ দিয়াৰ দৰে কেইবাটাও স্পষ্ট পদক্ষেপ ঘোষণা কৰে আই এ এফে । সশস্ত্ৰ বাহিনীয়ে নতুন নিযুক্তি আঁচনিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ আৰু অগ্নিসংযোগত লিপ্ত হোৱা সকলক অন্তৰ্ভুক্ত কৰা নহ'ব বুলি স্পষ্টভাৱে সদৰি কৰে ।

লগতে পঢ়ক: লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.