ETV Bharat / bharat

9 Karnataka ministers have criminal cases: কৰ্ণাটকৰ নৱনিযুক্ত 9 মন্ত্ৰীৰ ৰিপ’ৰ্ট কাৰ্ড

author img

By

Published : May 21, 2023, 5:23 PM IST

Report card of 9 ministers
কৰ্ণাটকৰ নৱনিযুক্ত 9 মন্ত্ৰীৰ ৰিপ’ৰ্ট কাৰ্ড

যোৱা 20 মে’ত কৰ্ণাটকত 10 জনীয়া মন্ত্ৰীসভাৰ আনুষ্ঠানিক শপত গ্ৰহণৰ পিচতেই পোহৰলৈ আহিছে নৱনিযুক্ত মন্ত্ৰীকেইজনৰ সম্পতি, শিক্ষা, অপৰাধ সমৃদ্ধ প্ৰতিবেদন (Report card of 9 ministers)৷

নিউজ ডেস্ক, 21 মে’: শাসকীয় বিজেপি চৰকাৰক ওফৰাই পুনৰ কৰ্ণাটকত বিজয়ধ্বজা উৰুৱাইছে কংগ্ৰেছে (Karnataka news) ৷ যোৱা 20 মে’ত কৰ্ণাটকত 10 জনীয়া মন্ত্ৰীসভাৰ আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় (Report card of 9 ministers)৷ ইয়াৰ পিচতে এতিয়া পোহৰলৈ আহিছে নৱনিযুক্ত মন্ত্ৰীসকলৰ তথ্য সম্বলিত এক প্ৰতিবেদন ৷ ECI ৰ এই প্ৰতিবেদনখনত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ মন্ত্ৰীসভাৰ 9 গৰাকী মন্ত্ৰীৰ তথ্যসমৃদ্ধ প্ৰতিবেদন যুগুত কৰা হৈছে ৷

যদিও এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত ই চি আইৰ ৱেবছাইটত তেওঁৰ স্পষ্ট আৰু সম্পূৰ্ণ শপতনামা উপলব্ধ নোহোৱাৰ বাবে কে জে জৰ্জৰ তথ্য বিশ্লেষণ কৰিব পৰা নগ’ল ৷ কৰ্ণাটক ইলেকশ্যন ৱাচ এণ্ড এছ'চিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই 9 গৰাকী মন্ত্ৰীয়েই কোটিপতি ৷

প্ৰতিবেদনৰ তথ্য অনুসৰি, " 9 গৰাকী মন্ত্ৰীৰ ভিতৰত সকলোৰে বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে , আনহাতে ইয়াৰে চাৰিজন মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে ৷ মন্ত্ৰীকেইগৰাকীৰ বিত্তীয় পটভূমিৰ ওপৰত আলোকপাত কৰি প্ৰতিবেদনখনত আটাইকেইজন মন্ত্ৰীকে কোটিপতি বুলি ঘোষণা কৰা হৈছে (9 Karnataka ministers have criminal cases) ।"

বিশ্লেষণ কৰা অনুসৰি, ন গৰাকী মন্ত্ৰীৰ গড় সম্পত্তি হৈছে 229.27 কোটি টকা। ইয়াৰে ভিতৰত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ আটাইতকৈ ধনী মন্ত্ৰী ৷ তেওঁ মুঠ সম্পতি 1,413.80 কোটি টকা ৷ আনহাতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ মুঠ সম্পতিৰ পৰিমান সৰ্বনিম্ন ৷ চিত্তপুৰ (এছচি) সমষ্টিৰ বিধায়ক প্ৰিয়াংকৰ মুঠ সম্পতি 16.83 কোটি টকাৰ ৷

লগতে প্ৰতিবেদনখনত মন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰা হৈছে যে, " 9 গৰাকী মন্ত্ৰীৰ ভিতৰত তিনিগৰাকী মন্ত্ৰীযৰ শিক্ষাগত অৰ্হতা অষ্টম উত্তীৰ্ণৰ পৰা দ্বাদশ উত্তীৰ্ণৰ মাজত , আনহাতে আন ছয়গৰাকী মন্ত্ৰীয়ে স্নাতক আৰু তাতোকৈ অধিক শিক্ষাগত অৰ্হতা আছে।" লগতে প্ৰতিবেদনত খনত মন্ত্ৰীকেইগৰাকীৰ বয়সো উল্লেখ কৰা হৈছে ৷ ইয়াৰে পাঁচগৰাকী মন্ত্ৰীৰ বয়স 41 ৰ পৰা 60 বছৰৰ ভিতৰত আনহাতে চাৰিগৰাকী মন্ত্ৰীৰ বয়স 61 ৰ পৰা 80 বছৰৰ ভিতৰত বুলি উল্লেখ কৰা হৈছিল ।

স্মৰ্তব্য যে প্ৰতিবেদনখনে এইটোও আঙুলিয়াই দিছিল যে কৰ্ণাটকৰ নৱনিযুক্ত কেবিনেটত কোনো মহিলা মন্ত্ৰী নাই ৷ উল্লেখ্য যে, বহু জল্পনা কল্পনাৰ অন্তত শনিবাৰ অৰ্থাৎ 20 মে’ত সিদ্দাৰামাইয়াই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে অন্য 8 গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে ৷ এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া আৰু দেশৰ কেইবাজনো বিৰোধী দলৰ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: Congress Election Strategy Review : নিৰ্বাচনমুখী ৰাজ্যসমূহত কংগ্ৰেছৰ ৰণনীতি পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.