Congress Election Strategy Review : নিৰ্বাচনমুখী ৰাজ্যসমূহত কংগ্ৰেছৰ ৰণনীতি পৰ্যালোচনা বৈঠক

author img

By

Published : May 21, 2023, 4:56 PM IST

Congress Election Strategy Review

কৰ্ণাটকত অসাধাৰণ সফতাৰ পিছত যেন ঠন ধৰি উঠিছে কংগ্ৰেছ । যাৰ বাবে এতিয়া সক্ৰিয় হৈ উঠিছে কংগ্ৰেছ নেতৃবৃন্দ । বিশেষকৈ কৰ্ণাটকত ব্যাপক প্ৰচাৰ চলোৱা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনমুখী ৰাজ্যসমূহৰ ৰণনীতি পৰ্যালোচনাত অংশগ্ৰহণ কৰিব (Congress Election Strategy Review) ।

নিউজ ডেস্ক, ২১ মে' : গৃহৰাজ্য কৰ্ণাটকত (congress wins Karnataka assembly election) দলৰ বিজয় নিশ্চিত কৰাৰ পিছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই (Congress chief Mallikarjun Kharge) মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিব ওলাইছে । উল্লেখ্য যে চলিত বছৰৰ শেষৰ ফালে এই ৰাজ্যকেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব (Congress Election Strategy Review) ।

"কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে ২৪ আৰু ২৫ মে'ত নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব । এই ৰাজ্যসমূহৰ দায়িত্বত থকা কংগ্ৰেছ নেতাসকল আৰু ৰাজ্যকেইখনৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব (Congress road map for election bound states) । খাৰ্গেয়ে বিচাৰে যে ৰাজ্যকেইখনৰ দলীয় গোটবোৰে আগন্তুক নিৰ্বাচনৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰক আৰু অতি সোনকালে সাংগঠনিক ব্যৱধানবোৰ দূৰ কৰক ।" এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে ইটিভি ভাৰতৰ আগত এনেদৰে কয় ।

আনহাতে, দলৰ ভিতৰুৱা তথ্য অনুসৰি, কৰ্ণাটকত ব্যাপক প্ৰচাৰ চলোৱা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী (Former Congress chief Rahul Gandhi) আৰু এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও (AICC general secretary Priyanka Gandhi) নিৰ্বাচনমুখী ৰাজ্যকেইখনৰ ৰণনীতি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব । এআইচিচিৰ সূত্ৰ মতে, "শীৰ্ষ নেতাসকলে নিৰ্বাচনমুখী ৰাজ্যসমূহৰ বাবে এক কাৰ্যপৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব । এই পৰিকল্পনা ক্ৰমান্বয়ে আৰম্ভ কৰা হ'ব, ঠিক যেনেদৰে আমি কৰ্ণাটকত কৰিছিলোঁ ।"

উল্লেখ্য যে চাৰিখন ৰাজ্যৰ ভিতৰত কংগ্ৰেছে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ সৈতে প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব (MP assembly election 2023) । আনহাতে, তেলেংগানাত কংগ্ৰেছে বিআৰএছৰ সৈতে যুঁজ দিব । দলৰ ভিতৰুৱা সূত্ৰ মতে, খাৰ্গেৰ বাবে প্ৰত্যাহ্বান হৈছে শাসনত থকা ৰাজস্থান আৰু ছত্তীশগড়ত ক্ষমতা ধৰি ৰখা । আনহাতে, ২০২০ চনত কংগ্ৰেছ চৰকাৰক উৎখাত কৰাৰ অভিযোগ উত্থাপিত হোৱা বিজেপিৰ পৰা মধ্যপ্ৰদেশক পুনৰুদ্ধাৰ কৰা (Rajasthan assembly election 2023) ।

"কৰ্ণাটকৰ দৰেই মধ্যপ্ৰদেশতো দলটো একত্ৰিত হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক দলৰ প্ৰধান মুখ হিচাপে প্ৰক্ষেপ কৰা হৈছে আৰু সকলো জ্যেষ্ঠ নেতাই তেওঁক সমৰ্থন কৰিছে । এই ঐক্যই ভোটাৰসকলৰ মাজত এক শক্তিশালী সংকেত প্ৰেৰণ কৰিছে ।" মধ্য প্ৰদেশৰ ভাৰপ্ৰাপ্ত এআইচিচি সচিব কুলদীপ ইন্দোৰাই ইটিভি ভাৰতক কয় ।

"এই মুহূৰ্তত আমি আমাৰ নিজ নিজ অঞ্চলত মণ্ডল আৰু খণ্ড পৰ্যায়ৰ কৰ্মীসভা অনুষ্ঠিত কৰাত ব্যস্ত হৈ আছোঁ । আমি আশা কৰিছোঁ যে এই সভাবোৰ সোনকালেই সমাপ্ত হ'ব । দিগ্বিজয় সিং, সুৰেশ পাচৌৰী, অৰুণ যাদৱ আৰু অজয় সিঙৰ দৰে জ্যেষ্ঠ ৰাজ্যিক নেতাসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেধৰণৰ বৈঠক অনুষ্ঠিত কৰি আছে ।" তেওঁ কয় । আনহাতে, মধ্যপ্ৰদেশৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সচিব চি পি মিট্টালৰ মতে, "মধ্যপ্ৰদেশ হৈছে দেশৰ একমাত্ৰ ৰাজ্য, য'ত দলটোৱে শতাংশ হিচাবত সৰ্বাধিক (৭০ শতাংশ) মণ্ডল পৰ্যায়ৰ দল গঠন কৰিবলৈ সক্ষম হৈছে । নিৰ্বাচনৰ সময়ত এই স্থানীয় দলবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।"

আনহাতে, ৰাজস্থানৰ বাসিন্দা কুলদীপ ইন্দোৰাই আশা ব্যক্ত কৰে যে ৰাজ্যখনত গেহলট আৰু পাইলটৰ মাজৰ ক্ষমতাৰ বিবাদ শীঘ্ৰেই সমাধান হ'ব আৰু কংগ্ৰেছে এইবাৰ প্ৰতি পাঁচ বছৰত চৰকাৰ পৰিৱৰ্তনৰ যি পূৰ্বৰ পৰম্পৰা সেয়া ভংগ কৰিবলৈ সক্ষম হ'ব । তেওঁ কয়, "মই স্থানীয় লোকসকলৰ পৰা সংগ্ৰহ কৰা ধাৰণাটো হৈছে যে জনসাধাৰণে ৰাজস্থানত কংগ্ৰেছ চৰকাৰক পুনৰ শাসনভাৰ অৰ্পণ কৰাৰ মেজাজত আছে । কিন্তু ইয়াৰ বাবে আমি এক ঐক্যবদ্ধ ছবি উপস্থাপন কৰিব লাগিব ।"

ইন্দোৰাৰ মতে, দলৰ বহুতে মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰতি অপমান হিচাপে প্ৰত্যক্ষ কৰা শচীন পাইলটৰ শেহতীয়া পাঁচদিনীয়া 'জন সংগ্ৰাম যাত্ৰা' হৈছে দুৰ্নীতি বিষয়টোৰ বিৰুদ্ধে । এনেধৰণৰ কাৰ্যসূচীৰ কথা কংগ্ৰেছেও দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে । "ৰাজস্থান চৰকাৰে কল্যাণমূলক আঁচনিসমূহ ভালদৰে ৰূপায়ণ কৰিছে আৰু ভোটাৰসকলে ইয়াক ভালপাইছে । দলৰ সমস্যাসমূহ অনাগত দিনত সমাধান কৰা হ'ব । ছত্তীশগড়ত আমাৰ চৰকাৰেও জনকল্যাণৰ বাবে যথেষ্ট কাম কৰিছে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :New Parliament building : নতুন সংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰা উচিত : ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.