New Parliament building : নতুন সংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰা উচিত : ৰাহুল

author img

By

Published : May 21, 2023, 3:49 PM IST

New Parliament building

ভাৰতৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক লৈ অসন্তুষ্ট বিৰোধী দলৰ নেতাসকল (New Parliament building inauguration)। ৰাহুলৰ মতে প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিয়ে হে ভৱনটো উদ্বোধন কৰিব লাগে । নতুন সংসদ ভৱনটোত লোকসভা কক্ষত ৮৮৮ গৰাকী আৰু ৰাজ্যসভাৰ কক্ষত ৩০০ গৰাকী সদস্য বহিব পাৰিব ।

নেশ্যনেল ডেস্ক,২১ মে': ভাৰতৰ নতুন সংসদ ভৱনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে (New Parliament building)। অহা ২৮ মে'ত নতুন সংসদ ভৱনটো উদ্বোধন কৰাৰ কথা । কিন্তু তাৰ প্ৰাকক্ষণত আৰম্ভ হৈছে এক বিতৰ্কৰ । কোনে নতুন সংসদ ভৱন উদ্বোধন কৰিব তাক লৈ দেশত বিতৰ্ক চলিছে । ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে কয় যে প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিয়ে হে নতুন সংসদ ভৱন উদ্বোধন কৰা উচিত (Rahul on New Parliament building inauguration)।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ মে'ত নৱনিৰ্মিত সংসদ ভৱন উদ্বোধন কৰিব (PM Modi to inaugurates Parliament building)। লোকসভা সচিবালয়ে জনোৱা মতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যোৱা বৃহস্পতিবাৰে মোডীক সাক্ষাৎ কৰে আৰু নতুন ভৱনটো উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনায় । তাৰ পাছতে টুইটাৰযোগে ৰাহুল গান্ধীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে হে নতুন সংসদ ভৱন উদ্বোধন কৰা উচিত ।

ইফালে ২৮ মে'ত নতুন সংসদ ভৱনৰ উদ্বোধন হিন্দুত্ববাদী চিন্তাবিদ ভি ডি সাভাৰকাৰৰ জন্ম জয়ন্তীৰ দিনাই উদ্বোধন কৰা হ'ব । ইয়াক লৈও অসন্তুষ্ট বিৰোধী দলসমূহ । কেইবাটাও বিৰোধী দলে ইয়াক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে (New Parliament building inauguration controversy)। কংগ্ৰেছে ইয়াক দেশৰ প্ৰতিষ্ঠাপক নেতাসকলৰ বাবে "সম্পূৰ্ণ অপমান" বুলি অভিহিত কৰিছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই টুইট কৰি কয় যে ১৪০ কোটিতকৈও অধিক দেশবাসীৰ আশা আৰু আকাংক্ষা পূৰণ কৰি ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়াৰ চৰকাৰৰ প্ৰস্তাৱ লাভ কৰাৰ বাবে সংসদৰ নৱনিৰ্মিত ভৱনটোও এক শক্তিশালী মাধ্যম হৈ পৰিব (Om Birla on New Parliament building)।

লোকসভাৰ অধ্যক্ষই নতুন সংসদ ভৱনৰ প্ৰশংসা কৰি কয় যে ই ভাৰতৰ গৌৰৱময় গণতান্ত্ৰিক পৰম্পৰাক সমৃদ্ধ কৰিব । সংসদৰ নৱনিৰ্মিত ভৱনে ভাৰতৰ গৌৰৱময় গণতান্ত্ৰিক পৰম্পৰা আৰু সাংবিধানিক মূল্যবোধক অধিক সমৃদ্ধ কৰিব । এই ভৱনটোত, সন্মানীয় সদস্যসকলে দেশ আৰু নাগৰিকসকলৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব । টুইটত তেওঁ উল্লেখ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ মে'ত এই ভৱনটো দেশবাসীক উৎসৰ্গা কৰিব ।

লোকসভা সচিবালয়ৰ তথ্য অনুসৰি নতুন সংসদ ভৱনটোত লোকসভা কক্ষত ৮৮৮ গৰাকী আৰু ৰাজ্যসভাৰ কক্ষত ৩০০ গৰাকী সদস্য আৰামেৰে বহিব পাৰিব । দুয়োখন সদনৰ যুটীয়া বৈঠকৰ ক্ষেত্ৰত, মুঠ ১,২৮০ গৰাকী সদস্যক লোকসভা কক্ষত স্থান দিব পৰা যাব । প্ৰধানমন্ত্ৰীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল । বৰ্তমানৰ সংসদ ভৱনটো ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল ।

লগতে পঢ়ক :Anti Sikh Riots Case : কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ বিৰুদ্ধে চিবিআইৰ অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.