ETV Bharat / bharat

কৰ্ণাটকত ধাৰাসাৰ বৃষ্টিপাত : বাসগৃহ খহি ৭ জনৰ মৃত্যু

author img

By

Published : Oct 7, 2021, 12:55 PM IST

7 dead as house collapses due to heavy rain in Karnataka
কৰ্ণাটকত ধাৰাসাৰ বৃষ্টিপাতত বাসগৃহ খহি পৰাত ৭ জনৰ মৃত্যু

কৰ্ণাটকৰ বেলাগাভি জিলাত কালৰূপ ধাৰণ কৰিছে বৃষ্টিপাতে । বুধবাৰে জিলাখনৰ বাদল-আনকাল্গি গাঁৱত ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰিল এটা বাসগৃহ । ফলত কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল শিশুসহ ৭ জনকৈ লোকে ।

নেশ্যনেল ডেস্ক , ৭ অক্টোবৰ : বুধবাৰে কৰ্ণাটকত প্ৰবল বৃষ্টিপাতত এটা বাসগৃহ খহি পৰাত ৭ গৰাকী লোকৰ মৃত্যু হয় । ৰাজ্যখনৰ বেলাগাভি জিলাৰ বাদল-আনকাল্গি গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হয় । বাসগৃহ খহি পৰাৰ ফলত থিতাতে শিশুসহ ৫ জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, চিকিৎসালয়লৈ নিয়াৰ পথত আন দুজন লোকৰ মৃত্যু হয় ।

নিহত লোকসকলৰ ভিতৰত ৮ বছৰ বয়সৰ দুগৰাকী কণমানিও আছিল । এই ঘটনাত একেটা পৰিয়ালৰে ছয়গৰাকী সদস্যৰ মৃত্যু হয় । মৃত লোকসকল হৈছে- গংগাভা ভীমাপ্পা খানাগাভি(৫০), সত্যভা অৰ্জুন খানাগাভি(৪৫), পূজা অৰ্জুন খানাগাভি(৮), সবিতা ভীমাপ্পা খানাগাভি(২৮), লক্ষ্মী অৰ্জুন খানাগাভি(১৫), অৰ্জুন হনমন্ত খানাগাভি(৪৫) আৰু কাশাভা ভিট্টল কোলেপ্পানা ৱাৰ(৮) । আনহাতে, এই ভয়াৱহ অঘটনৰ পৰা প্ৰাণ ৰক্ষা পৰে পিতৃ ভীমাপ্পা খানাগাভি আৰু পুত্ৰ দেৱৰাজ খানাগাভিৰ ।

অঘটন সংঘটিত হোৱাৰ সময়ত ভীমাপ্পা খানাগাভিয়ে দোকানৰ পৰা বস্তু আনিবলৈ গৈছিল আৰু দেৱৰাজ খানাগাভিয়ে ব্যক্তিগত কামৰ বাবে বেলাগাভি চহৰলৈ গৈছিল । গাঁওখনত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণৰ হৈ আছিল । ফলত, মেৰামতিৰ কাম চলি থকা ঘৰটোৰ দেৱালৰ এটা অংশ খহি পৰে ।

এই শোকাৱহ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত, হীৰেবাগেৱাড়ী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আনকি, বেলাগাভি(গ্ৰাম্য)ৰ বিধায়ক লক্ষ্মী হেব্বালকাৰেও ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰে । লগতে সাহায্য প্ৰদানৰ কাম আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰে । ইফালে, এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই শোক প্ৰকাশ কৰে ।

প্ৰতিগৰাকী ভুক্তভোগীক ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে । লগতে, তেওঁ জিলাখনৰ তত্বাৱধানত থকা মন্ত্ৰী গোবিন্দ কাৰ্জলক বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আৰু জিলাখনৰ উপায়ুক্তক সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে । ইফালে, জিলা প্ৰশাসনে মৃত লোককেইজনৰ গণ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো ব্যৱস্থা কৰিছে । গাঁওখনৰ উপকণ্ঠ অঞ্চলত নিশা গণ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক : অনাৰসৰ পৰা ভেগান চামৰা প্ৰস্তুত কৰিব মেঘালয় চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.