ETV Bharat / bharat

অনাৰসৰ পৰা ভেগান চামৰা প্ৰস্তুত কৰিব মেঘালয় চৰকাৰে

author img

By

Published : Oct 6, 2021, 7:32 PM IST

অনাৰসৰ পৰা ভেগান চামৰা তৈয়াৰ কৰিব মেঘালয়ে ৷ আচৰিত হ'লেও এই কথা সত্য ৷ টিআইই হায়দৰাবাদৰ উদ্যোগত আয়োজিত ‘TiE Sustainability Summit 2021’ ত অংশগ্ৰহণ কৰি দিয়া ভাষণত এই কথা সদৰী কৰে মেঘালয়ৰ কেবিনেট মন্ত্ৰী জেমছ চাংমাই ৷

Meghalaya government is exploring pineapple for vegan leather
অনাৰসৰ পৰা ভেগান চামৰা প্ৰস্তুত কৰিব মেঘালয় চৰকাৰে

নিউজ ডেস্ক, 6 অক্টোবৰ : অনাৰসৰ পৰা ভেগান চামৰা তৈয়াৰ কৰা ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ব মেঘালয় ৷ ইতিমধ্যে অনাৰসৰ পৰা চামৰা তৈয়াৰ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে মেঘালয় চৰকাৰে ৷ এই কথা সদৰী কৰিছে মেঘালয় কেবিনেট মন্ত্ৰী জেমছ চাংমাই ৷

টিআইই হায়দৰাবাদৰ উদ্যোগত আয়োজিত ‘TiE Sustainability Summit 2021’ ত অংশগ্ৰহণ কৰি দিয়া ভাষণত এই কথা সদৰী কৰে মেঘালয়ৰ কেবিনেট মন্ত্ৰী গৰাকীয়ে ৷ ভাষণত তেওঁ প্ৰথমে কয়, ভেগান চামৰা হৈছে অন্য চামৰাৰ দৰে এক সামগ্ৰী ৷ পশু ছালৰ সলনি কৃত্ৰিম বা উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয় এই ভেগান চামৰা ৷

মেঘালয় হৈছে ভাৰতৰে ভিতৰত অন্যতম এখন অনাৰস উৎপাদনকাৰী ৰাজ্য ৷ ভাৰতৰ ভিতৰত মেঘালয়ত 8 শতাংশ অনাৰস উৎপাদন হয় ৷ গতিকে অনাৰসৰ পৰা ভেগান চামৰাৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে মেঘালয় চৰকাৰে ৷

লগতে পঢ়ক : ১ লাখ ৭১ হাজাৰ লোকক ই-সম্পত্তি কাৰ্ড প্ৰদান প্ৰধানমন্ত্ৰীৰ

তদুপৰি ৰাজ্যখনে জলবায়ু পৰিৱৰ্তনক বিদ্যালয়ৰ পাঠ্যক্ৰমত বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত জেমছ চাংমাই কয়, মেঘালয় জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত এখন আৰু ইয়াৰ এক ব্যতিক্ৰম বন অৰ্থনীতি আছে ।

"ৰাজ্যখনত এটা জলবায়ু পৰিৱৰ্তন সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হৈছে ৷ এই সংগ্ৰহালয়ৰ জৰিয়তে জলবায়ু সংকটৰ ওপৰত পদক্ষেপ ল'ব পৰা কৈ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিব পৰা যাব ৷ জলবায়ু পৰিৱৰ্তন আমাৰ বাবে সময়ৰ প্ৰত্যাহ্বান ৷" ভাষণত এইদৰে কয় জেমছ চাংমাই ৷

লগতে পঢ়ক: গ্ৰহৰ পৰিবহণ : বৃশ্চিক ৰাশিত প্ৰদক্ষিণ কৰিছে শুক্ৰই; কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.