ETV Bharat / bharat

Updated Train Derailment: চেন্নাইত বৈদ্যুতিক ৰে’লৰ ৩ টা দবা লাইনচ্যুত

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:51 PM IST

train derailed near Chennai Avadi
ৰে’লৰ ৩ টা দবা লাইনচ্যুত

মঙলবাৰৰ পুৱা তামিলনাডুৰ ৰাজধানী চেন্নাইৰ আবাদীৰ ওচৰত এখন বৈদ্যুতিক ৰে’লৰ তিনিটা দবা লাইনচ্যুত হয় । ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । দুৰ্ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : মঙলবাৰে পুৱা তামিলনাডুৰ চেন্নাই আবাদী ৰেল ষ্টেচনৰ ওচৰত এখন বৈদ্যুতিক ৰেল লাইনচ্যুত হৈ পৰে । সৌভাগ্যক্ৰমে, এই ৰে’লখনত কোনো যাত্ৰী নাছিল । ঘটনাটোত কোনো লোক আহত হোৱা নাই । জানিব পৰা মতে, ৰে’লপথত ফাট মেলাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । একে সময়তে চিগনেল বিকল হোৱাৰ কথাও পোহৰলৈ আহিছে ।

তিৰুভাল্লুৰৰ পৰা পুৰৈচী থালাইভাৰ ড৹ এমজিআৰ কেন্দ্ৰীয় ৰে’ল ষ্টেচনলৈ ট্ৰেক ৰক্ষণাবেক্ষণৰ কাম চলি আছে । এই কামৰ মাজতে তিৰুভাল্লুৰৰ পৰা তিৰুট্টানিলৈ যোৱা এখন বৈদ্যুতিক ৰে’ল আজি পুৱা আননুৰৰ পৰা আবাদীত উপস্থিত হয় ৷ তাৰ পাচতেই দবা লাইনচ্যুত হোৱা দুৰ্ঘটনাটো সংঘটিত হয় । এই ৰে’লখনৰ তিনিটা দবা লাইনচ্যুত হৈ পৰে । ৰে’লৱে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত কৰি আছে । এই দুৰ্ঘটনাৰ ফলত বন্দে ভাৰতকে ধৰি অন্যান্য বৈদ্যুতিক ৰে’ল আৰু আন ৰে’ল সেৱাৰ যাত্ৰা প্ৰভাৱিত হৈছে ।

আগষ্ট মাহত তামিলনাডুৰ মাদুৰাই ৰে’ল ষ্টেচনৰ ওচৰৰ ৰে’লৰ কম্পাৰ্টমেণ্টত সংঘটিত অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু হৈছিল । দুৰ্ঘটনাটোত ভুক্তভোগীসকল উত্তৰ প্ৰদেশৰ সীতাপুৰৰ বাসিন্দা আছিল । এই দুৰ্ঘটনাত ২২ জন লোক অগ্নিদগ্ধ হয় । দক্ষিণ ৰে’লৱেৰ মতে, কোচত গেছ চিলিণ্ডাৰ ৰাখি অবৈধভাৱে খাদ্য প্ৰস্তুত কৰা হৈছিল । গেছ লিক হোৱাৰ বাবে কোচটোত জুই লাগিছিল ।

উৰিষ্যাৰ বালাচোৰত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাটো এই দশকটোৰ আটাইতকৈ ডাঙৰ ৰে’ল দুৰ্ঘটনা হিচাপে পৰিগণিত হ’ল । বালাচোৰ ৰে’ল দুৰ্ঘটনাত ২৯৩ জন লোক নিহত হৈছিল আৰু ১০০০ ৰো অধিক লোক আহত হৈছিল । ঘটনাটো ২ জুনৰ সন্ধিয়া সংঘটিত হৈছিল ।

লগতে পঢ়ক : Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.