ETV Bharat / bharat

গুজৰাটত ভয়ংকৰ অগ্নিকাণ্ড : ২৫ খনকৈ বাহন ভস্মীভূত

author img

By

Published : Nov 7, 2021, 12:47 PM IST

fire at police station in Gujarat
গুজৰাটত ভয়ংকৰ অগ্নিকাণ্ড

ৰাজ্যখনৰ খেদা টাউন আৰক্ষী থানাৰ চৌহদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় একাধিক বাহনত । ৰাসায়নিক পদাৰ্থৰে ভৰ্তি কিছুমান বাহনত প্ৰথমে জুইৰ সূত্ৰপাত হোৱাৰ আশংকা ।

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : গুজৰাটত শনিবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । বাইক, অট’ৰিক্সাকে ধৰি প্ৰায় ২৫ খনকৈ বাহন এই অগ্নিকাণ্ডত ভস্মীভূত হয় । ৰাজ্যখনৰ খেদা জিলাৰ খেদা টাউন আৰক্ষী থানাৰ চৌহদত সংঘটিত হৈছে এই ঘটনা । অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই ।

অগ্নিকাণ্ডৰ পাছতে নাদিয়াদ অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আহমেদাবাদ, মেহমেদৱাড, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (ONGC) অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয় । প্ৰায় ডেৰ ঘণ্টা ধৰি জুই নুমুৱাবলৈ চেষ্টা চলাইছিল অগ্নিনিৰ্বাপক বাহিনীয়ে । নাদিয়াদ অগ্নি নিৰ্বাপক বিভাগৰ অগ্নি নিৰ্বাপক অধীক্ষক দীক্ষিত পেটেলে জনোৱা মতে খেদা টাউন আৰক্ষী থানাৰ চৌহদত উদ্ধাৰ হোৱা বাহন আৰু সামগ্ৰীসমূহত জুইৰ সূত্ৰপাত হয় ।

পেটেলে জনোৱা মতে, ৰাসায়নিক পদাৰ্থৰে ভৰ্তি কিছুমান বাহনত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : NCB ৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰত আৰিয়ান খানক ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.