লখিমপুৰত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল - lok sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:57 PM IST

thumbnail

লখিমপুৰ, ২৬ মাৰ্চ : লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । দলৰ প্ৰাৰ্থী বীৰেণ বাইলুঙে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ।

লখিমপুৰ সমষ্টিত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী বীৰেণ বাইলুঙৰ মনোনয়ন দাখিল । আজি আন কেইবাজনো প্ৰাৰ্থীৰ লগতে ১২ নং লখিমপুৰ লোকসভা সমষ্টিত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী বীৰেণ বাইলুঙে মনোনয়ন দাখিল কৰে । একাংশ দলীয় কৰ্মী সহ আহি তেওঁ জিলা ৰিটাৰ্ণিং বিষয়াৰ মনোনয়ন দাখিল কৰে ।

মনোনয়ন দাখিল কৰি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে দেশৰ ভোটাৰ ৰাইজৰ অৰ্থনৈতিক স্বাধীনতাৰ হকে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলে যুঁজ দি আহিছে । ভোটাৰ ৰাইজৰ অৰ্থনৈতিক সুৰক্ষা ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ অন্যতম লক্ষ্য বুলি উল্লেখ কৰে তেওঁ । আন কোনো দলৰ প্ৰাৰ্থী সৱল বা দুৰ্বল এই দিশৰ প্ৰতি গুৰুত্ব দিয়াৰ বিপৰীতে নিজে শক্তিশালীভাৱে নিৰ্বাচনত যুঁজ দিব মন্তব্য কৰে বীৰেণ বাইলুঙে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক লগত লৈ লখিমপুৰত মনোনয়ন দাখিল প্ৰদান বৰুৱাৰ; উপস্থিত কেইবাগৰাকীও মন্ত্রী-বিধায়ক - Lok Sabha Elections

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.