ধেমাজিত গীত গাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কে.কে. আৰু মোহনৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 11:01 PM IST

thumbnail

ধেমাজি, 8 এপ্ৰিল : 19 এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ অসমৰ পাঁচটা সমষ্টিত প্ৰথম পৰ্যায়ত হ’ব ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেইদিনা ৷ নিৰ্বাচনত সকলো নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সজাগ কৰাৰ উদ্দেশ্য মঙলবাৰে বিয়লি ধেমাজি কাছাৰী ময়দানত জিলা প্ৰশাসনে এখনি সজাগতা সভা অনুষ্ঠিত কৰে ৷  

এই সভাত অসমৰ জনপ্ৰিয় অভিনয় শিল্পী সিদ্ধাৰ্থ শৰ্মা ওৰফে কে. কে আৰু দীপজ্যোতি কেওট ওৰফে মোহনে নিৰ্বাচনী গীত গাই সকলোকে দলে বলে আহি ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে শিল্পী দুগৰাকীয়ে বিভিন্ন জিলালৈ গৈ সজাগতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ সভাত ধেমাজি জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষকগাৰীক উপস্থিত থাকে ৷ ইফালে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে এইবাৰ জিলাখনত ভোটদানৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৷
 

লগতে পঢ়ক : নগাঁৱত ১৮ লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.