নগাঁৱত ১৮ লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য - Lok Sabha Election 2024
Nagaon Lok Sabha constituency : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচন । উকলিল মনোনয়ন প্ৰত্যাহাৰৰো সময় । নগাঁও লোকসভা সমষ্টিৰ মুঠ ১৮ লক্ষাধিক ভোটাৰৰ মাজত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৩ গৰাকীকৈ প্ৰাৰ্থী ।

Published : April 8, 2024 at 9:44 PM IST
নগাঁও, ৮ এপ্ৰিল: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৯ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ পৰ্ব ইতিমধ্যেই সম্পূৰ্ণ হোৱাৰ পাচত সোমবাৰে অন্ত পৰে মনোনয়ন প্ৰত্যাহাৰৰ সময় । কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়লৈকে নগাঁৱৰ কোনো এগৰাকী প্ৰাৰ্থীয়েও প্ৰত্যাহাৰ কৰা নাই মনোনয়ন । মনোনয়ন দাখিলৰ অন্তিম সময়লৈকে নগাঁৱৰ মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ।

মনোনয়ন দাখিলৰ অন্তিম দিনা অৰ্থাৎ চাৰি এপ্ৰিলত ১০ গৰাকী প্রাৰ্থীয়ে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ । চাৰি এপ্ৰিলত মনোনয়ন দাখিল কৰা প্ৰাৰ্থীকেইগৰাকী হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সুৰেশ বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ, গণ সুৰক্ষা পাৰ্টীৰ আবু ইউছুফ মোঃ ৰাইহান উদ্দিন, নিৰ্দলীয় প্ৰাৰ্থী ছামচুল আলম, বিশ্বজিত বৰদলৈ, বিপদ ভঞ্জন সৰকাৰ, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাব্বুল হক, হামাৰ ৰাজ পাৰ্টীৰ হৰেণ ভূমিজ, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী আৰু খিলঞ্জীয়া গণ শক্তিৰ নিখিল ডেকাৰজা ।
- " class="align-text-top noRightClick twitterSection" data="">
একেদৰে ৩ এপ্ৰিল তাৰিখে ৯ নং নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে দুগৰাকী প্ৰাৰ্থীয়ে । ৩ এপ্ৰিলত জয় প্ৰকাশ জনতা দলৰ পৰা অনুপম বৰুৱা আৰু এআইইউডিএফ দলৰ পৰা আমিনুল ইছলামে দাখিল কৰে মনোনয়ন । জয় প্ৰকাশ জনতা দলৰ অনুপম বৰুৱাই ৩ খন মনোনয়ন পত্ৰ আৰু এ আই ইউ ডি এফ দলৰ অমিনুল ইছলামে ১খন মনোনয়ন পত্ৰ দাখিল কৰে । ২ এপ্ৰিলতো নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে ২ গৰাকী প্রাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ । ২ এপ্ৰিলত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিখা শৰ্মা আৰু আবু শ্বামা (নিৰ্দলীয়)ই দাখিল কৰিছিল মনোনয়ন ।

নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মাই ১খন মনোনয়ন পত্ৰ আৰু আবু শ্বামাই ২ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত । একেদৰে ১ এপ্ৰিলতো এগৰাকী প্রাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ । পহিলা এপ্ৰিলত অসম জন মৰ্চা দলৰ পৰা ছাইফুল ইছলাম চৌধুৰীয়ে দাখিল কৰিছিল ১খন মনোনয়ন পত্ৰ । এইদৰে নগাঁও লোকসভা সমষ্টিৰ বাবে মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে যদিও পৰৱৰ্তী সময়ত মনোনয়ন পত্ৰ পৰীক্ষাত নাকচ হয় দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন । মনোনয়ন পৰীক্ষাত নাকচ হয় নিৰ্দলীয় প্ৰাৰ্থী বিশ্বজিৎ বৰদলৈ আৰু হামাৰ ৰাজ পাৰ্টীৰ হৰেন ভূমিজৰ মনোনয়ন । ফলত সমাগত লোকসভা নিৰ্বাচনত ৯ নং নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে ১৩ গৰাকী প্ৰাৰ্থী বৈধ মনোনীত হয় ।
উল্লেখ্য যে, ৮ এপ্ৰিল সোমবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়লৈকে কোনো এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই বুলি জানিব পৰা গৈছে । অৰ্থাৎ সমষ্টি পুনৰনিৰ্ধাৰণৰ পাচত গঠিত ৯ নং নগাঁও লোকসভা সমষ্টিৰ মুঠ ১৮ লক্ষাধিক ভোটাৰৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ বাবে অৱতীৰ্ণ হৈছে ১৩ গৰাকীকৈ প্ৰাৰ্থী । এই ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সমষ্টিটোৰ ১৮ লক্ষাধিক ভোটাৰে ।
লগতে পঢ়ক: নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফ

