ৰাইজে নখ জোকাৰিলে নৈ বয়, এটা গৃহহীন পৰিয়াললৈ গাঁওবাসীৰ সাহাৰ্য

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 11:05 AM IST

thumbnail

জোনাই, ১ মাৰ্চ : ৰাইজে নখ জোকাৰিলে নৈ বয় - এই আপ্তবাক্যশাৰী প্ৰমাণ কৰি দেখুৱালে জোনাইৰ টাৰি ৰঃদং উজনি বিজয়পুৰ গাঁওবাসীয়ে ৷ অগ্নিকাণ্ডত গৃহহীন হৈ পৰা এটা পৰিয়ালক গাঁৱৰ ৰাইজে দলে-বলে ওলাই আহি কেইঘন্টামানৰ ভিতৰতে নিৰ্মাণ কৰি দিলে এটা বাসগৃহ ৷

ঘটনা বিৱৰণী অনুসৰি, বিজয়পুৰ গাঁৱৰ নিবাসী লক্ষীপ্ৰসাদ টায়েৰ বাসগৃহত বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো ৷ ঘৰখনৰ লগতে সকলো সা-সম্পত্তি, নগদ ধন, প্ৰয়োজনীয় নথি-পত্ৰ আদি সকলোবোৰ জাহ যোৱাত দুৰ্ভগীয়া পৰিয়ালটো গৃহহীন হৈ পৰে ৷

তাৰ পিচতে গাঁৱৰ ৰাইজে দুৰ্ভগীয়া পৰিয়ালটোক নগদ ধন, কিছুমানে আকৌ পৰিয়ালটোৰ বাবে কাপোৰ-কানি, চাউল, দাইল, বাচন-বৰ্তন ইত্যাদিৰে সাহাৰ্য আগবঢ়াইছে ৷ ইয়াৰ সমান্তৰালকৈ গাঁৱৰ যুৱকসকলে হাতে হাতে দা, কুঠাৰ লৈ ওলাই আহি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি শ্ৰমদানেৰে কেইঘন্টামানৰ ভিতৰতে পৰিয়ালটোৱে থাকিব পৰাকৈ সৰুকৈ হ’লেও সাজি উলিয়াই এটি বাসগৃহ ৷ ইয়াৰ পিচতে স্বস্তিৰ নিশ্বাস লৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

লগতে পঢ়ক: জোনাইৰ দলুঙত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.