কোনে কেৰালালৈ লৈ গ’ল নাৰায়ণপুৰৰ দুই নিৰুদ্দিষ্ট কিশোৰীক ?

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 4:49 PM IST

Updated : Feb 21, 2024, 5:25 PM IST

thumbnail

বিহপুৰীয়া, 20 ফেব্ৰুৱাৰী : পুনৰ অসমত নাৰী সৰবৰাহকাৰী চক্ৰৰ দপদপনি ৷  যোৱা শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মেৰমুখ তিনিটিয়াৰ পৰা দুই কিশোৰী নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । যোৱা শনিবাৰে পুৱা চাপৰিত সৰিয়হ তুলিবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰী দুগৰাকী ৷ 

ইয়াৰ পিচতে কিশোৰী দুগৰাকীক পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নাৰায়ণপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । নিৰুদ্দেশ হোৱাৰ চাৰিদিনৰ পিচতে শেহতীয়াকৈ কিশোৰী দুগৰাকীৰ লগত ফোনৰ সংযোগ হৈছে ঘৰৰ লোকৰ ৷ যদিও আৰক্ষীয়ে তেওঁলোকৰ স্থান ট্ৰেক কৰিব পৰা নাই ৷

পৰিয়ালৰ লোকে কিশোৰী দুগৰাকী মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ কৰিছে । আনহাতে কিশোৰী দুগৰাকীক কেৰালাত আৱদ্ধ কৰি ৰখা বুলি পৰিয়ালক জনাইছে কিশোৰীদ্বয়ে ৷

লগতে পঢ়ক: 36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে

Last Updated : Feb 21, 2024, 5:25 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.