উচ্ছেদক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ খগৰপুৰত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 8:06 PM IST

thumbnail

বঙাইগাঁও, 23 ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ খগৰপুৰত উত্তপ্ত পৰিস্থিতি ৷ উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হৈ এই পৰিস্থিতি ৷ ৰাইজৰ ৰোষত পৰিল উচ্ছেদৰ বাবে যোৱা মণ্ডল ৷  

জানিব পৰা মতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ খগৰপুৰত তিনিটা পৰিয়ালক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈয়ে উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰশাসনে ৷ কিন্তু মণ্ডলে অবৈধভাৱে পৰিয়াল কেইটাক উচ্ছেদৰ বাবে ব্যৱস্থা হাতত লোৱা বুলি অভিযোগ তুলি খৰ্গহস্ত হৈ পৰে স্থানীয় ৰাইজ ৷  

এই উচ্ছেদৰ বাবে ৰাইজে আশীষ মণ্ডল নামৰ মণ্ডলজনক জগৰীয়া কৰি জবাবদিহি কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ৰাইজে মূ লপথত বাঁহ পেলাই উচ্ছেদ কৰিবলৈ অহা মণ্ডল আৰু প্ৰশাসনৰ লোকক বাধা দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মণ্ডলজনক উদ্ধাৰ কৰি লৈ যায় ৷ ৰাইজৰ মতে উত্তৰ শালমাৰাৰ খগৰপুৰ টিলাপাৰাত তিনিটা পৰিয়ালক কোনো জাননী জাৰি নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহাত সংঘটিত হল এই ঘটনা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক : আই চি ইউত মহিলাৰ মৃত্যু; চিকিৎসক অন্তৰ্ধান !
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.