ETV Bharat / state

আই চি ইউত মহিলাৰ মৃত্যু; চিকিৎসক অন্তৰ্ধান !

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:23 PM IST

Lakhimpur medical college tension
Heated situation in LMCH

Heated situation in LMCH: শুকুৰবাৰে লখিমপুৰ মেডিকেল কলেজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্র কৰি সৃষ্টি হয় এই পৰিস্থিতি । আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি

লখিমপুৰ, 23 ফেব্ৰুৱাৰী: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্র কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে চিকিৎসা মহাবিদ্যালয়খনত । পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ লীলাবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ লগতে লখিমপুৰ সদৰ থানাৰ আৰক্ষীও মোতায়েন কৰিবলগীয়া হয় চিকিৎসালয়খনত ।

মৃত মহিলাগৰাকী লখিমপুৰৰ আমতলা মাজৰ চাপৰিৰ কল্পনা বৰা । তেওঁৰ আত্মীয়ই জনোৱা অনুসৰি বৃহস্পতিবাৰে মহিলাগৰাকীক নাওবৈচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসকে মহিলাগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লগতে ৷ তাৰ পাচতেই তেওঁলোকে মহিলাগৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয়ত ভৰ্তি কৰে ।

লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয়ত মহিলাগৰাকীক আইচিইউত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয় । মহিলাগৰাকীৰ মৃত্যুৰ পিচতেই পৰিয়ালৰ লোকে শুকুৰবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে । তেওঁলোকে নাওবৈচা চিকিৎসালয়ৰ চিকিৎসকজনক দোষাৰোপ কৰাৰ লগতে তেওঁক বৰ্খাস্ত কৰাৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, প্ৰথমে মহিলাগৰাকীক নাওবৈচাত জনৈক সোণোৱাল নামৰ এজন চিকিৎসকে ড্ৰেছিং কৰিছিল ৷ কিন্তু মহিলাগৰাকীয়ে উপশম নোপোৱাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ অনা হয় ৷ চিকিৎসালয় কৰ্তৃপক্ষই ডাঃ সোণোৱালক মাতি পঠিয়াই যদিও আই চি ইউত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিচতেই ডাঃ সোণোৱাল অন্তৰ্ধান হয় ৷ তাৰ পাচতেই ৰোগীৰ পৰিয়ালে উত্তেজনাৰ সৃষ্টি কৰে ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত চিকিৎসালয়খনত আৰক্ষী মোতায়েন কৰিবলগীয়া হয় ৷ আৰক্ষীয়ে বিষয়টো হস্তক্ষেপ কৰাৰ পিচতহে পৰিস্থিতি কিছু শাম কাটে ৷

উল্লেখ্য যে মুকলিৰ পিচৰ পৰাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খন বিভিন্ন বিতৰ্কৰসন্মুখী হৈ আহিছে ৷ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বাবে প্ৰয়োজনীয় সা-সুবিধালৈকে বিভিন্ন ক্ষেত্ৰত প্ৰায়েই অভিযোগ উত্থাপন হয় ৷ পূৰ্বতে নিয়োজিত চিকিৎসকৰ বিপৰীতে সীমিত সংখ্যক চিকিৎকৰ দ্বাৰা চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা সেৱা চলি থকাৰো অভিযোগ উঠিছিল ৷ তাৰোপৰি বিভিন্ন জনে ইয়াত প্ৰয়োজনীয় ঔষধ-পাতিৰ অভাৱ ঘটাৰ বিষয়টোও সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল ৷

লগতে পঢ়ক: ছুইচাইড নোট লিখি ছাত্ৰৰ আত্মহত্যা, গৃহজিলাত শোকাকুল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.