ETV Bharat / state

ছুইচাইড নোট লিখি ছাত্ৰৰ আত্মহত্যা, গৃহজিলাত শোকাকুল পৰিৱেশ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:42 PM IST

Guwahati student suicide
ছুইচাইড নোট লিখি ছাত্ৰৰ আত্মহত্যা, গৃহজিলাত শোকাকুল পৰিৱেশ

Guwahati student suicide : মহানগৰত ছাত্ৰৰ আত্মহননৰ ঘটনা সংঘটিত হোৱাৰ পিচতেই ছাত্ৰজনৰ গৃহজিলা বিশ্বনাথত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিজ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে ছাত্ৰজনৰ পিতৃ ৷ ইতিমধ্যে ছাত্ৰজনৰ মৃতদেহ আনিবলৈ গুৱাহাটীলৈ ৰাওনা হৈছে ছাত্ৰজনৰ পৰিয়ালৰ লোক ৷

বিশ্বনাথ, 23 ফেব্ৰুৱাৰী : ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অব্যাহত থকাৰ মাজতেই 22 ফেব্ৰুৱাৰীত গুৱাহাটীত এজন ছাত্ৰই আত্মহননৰ পথ বাচি লোৱাৰ খবৰ পোহৰলৈ আহিছিল ৷ মহানগৰীৰ বেলতলাৰ চন্দন নগৰত সংঘটিত সংঘটিত হৈছিল এই আত্মহত্যাৰ ঘটনা । বেলতলাৰ চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰত 102 ত উদ্ধাৰ হৈছিল এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ মৃতদেহ । চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ ।

এজন কেয়াৰ টেকাৰৰ সৈতে ফ্লেটত অকলে বাস কৰিছিল ছাত্ৰজনে ৷ পুৱা শুই উঠি ছাত্ৰজনৰ কোঠাৰ দৰ্জা বন্ধ অৱস্থাত দেখা পাইছিল কেয়াৰ টেকাৰগৰাকীয়ে ৷ তাৰ পিচতে এনক্লেভটোৰ নিৰাপত্তাৰক্ষীয়ে দুৱাৰ ভাঙি ছাত্ৰজনক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷

এই ঘটনাৰ খবৰ লাভ কৰি, ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ লৈ যায় । ইফালে মৃত ছাত্ৰজনৰ কোঠাৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ হৈছিল ৷

ইফালে গুৱাহাটীৰ পৰা এই খবৰ অহাৰ লগে লগে ছাত্ৰজনৰ গৃহজিলা বিশ্বনাথত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই অনাকাংক্ষিত খবৰে ব্যথিত কৰি তোলে বিশ্বনাথবাসীক। 2022 বৰ্ষৰ চি বি এছ ই দশম শ্ৰেণী পৰীক্ষাত 99.6% লাভ কৰি গুৱাহাটীৰ ডি পি এছৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ছাত্ৰজন । ছাত্ৰজনৰ পিতৃ চাহ খেতিৰে জড়িত। তদুপৰি বিশ্বনাথ জিলাৰ বাগিচা পৰিচালক ৰূপেও কাৰ্যনিৰ্বাহ কৰা ছাত্ৰগৰাকীৰ পিতৃ ব্যৱসায়ৰে জড়িত।

মাতৃহাৰা ছাত্ৰজনৰ পিতৃ-ভাতৃ বিশ্বনাথৰ নৱপুৰস্থিত বাসগৃহটোত বাস কৰে । একেটা সময়তে দুয়োজন পুত্ৰৰ চোৱা-চিতা কৰিবলৈ অসুবিধা হোৱাত তেওঁ গুৱাহাটীৰ গৃহত পৰিচাৰকো নিয়োগ কৰিছিল । এতিয়া পুত্ৰৰ বিয়োগত ভাগি পৰিছে পিতৃ ৷ মেধাৱী ছাত্ৰজনে কিয় এই পথ বাচি ল’লে এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ইতিমধ্যে ছাত্ৰজনৰ মৃতদেহ আনিবলৈ গুৱাহাটীলৈ ৰাওনা হৈছে ছাত্ৰজনৰ পৰিয়ালৰ লোক ৷

লগতে পঢ়ক: পৰীক্ষাৰ আগদিনা ছুইচাইড নোট লিখি আত্মহনন ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.