চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত চৰাইদেউৰ মথুৰাপুৰত উত্তাল প্ৰতিবাদ - চাহ শ্ৰমিকৰ সমস্যা সমাধান

🎬 Watch Now: Feature Video

thumbnail
চৰাইদেউত উত্তাল প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 5:03 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ।

ইয়াৰ মাজতে আজি (মঙলবাৰ) বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষৰ প্ৰতাৰণাৰ বিৰুদ্ধে চৰাইদেউৰ মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া এলানি দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি তোলে চাহ মজদুৰ সংঘৰ কৰ্মীসকলে ৷

প্ৰতিবাদকাৰীসকলে মেনেজমেন্ট হায় হায়, বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক, শ্ৰমমন্ত্ৰীৰ কাম নাই ইত্যাদি বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পাচতে বাগিচাখনৰ চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যাসমূহ সামৰি কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে৷

বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ কামৰ মৰ্যদা প্ৰদান নকৰাৰ অভিযোগ । লগতে শ্ৰমিকৰ চিকিৎসা ব্যৱস্থা, বাসগৃহ মেৰামতি কৰা আদি কাম নকৰাৰ বাবে শ্ৰমিক সকলে সমস্যাত পৰিব লগা হৈছে । শ্ৰমিকসকলৰ এই দাবীসমূহ অনতিপলমে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে  প্ৰতিবাদকাৰী শ্ৰমিকসকলে ৷

লগতে পঢ়ক : দৰমহাসহ বকেয়া বিচাৰি বঞ্চিত শ্ৰমিক নামিল ৰাজপথত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details