চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত চৰাইদেউৰ মথুৰাপুৰত উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 5:03 PM IST

thumbnail

ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ।

ইয়াৰ মাজতে আজি (মঙলবাৰ) বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষৰ প্ৰতাৰণাৰ বিৰুদ্ধে চৰাইদেউৰ মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া এলানি দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি তোলে চাহ মজদুৰ সংঘৰ কৰ্মীসকলে ৷

প্ৰতিবাদকাৰীসকলে মেনেজমেন্ট হায় হায়, বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক, শ্ৰমমন্ত্ৰীৰ কাম নাই ইত্যাদি বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পাচতে বাগিচাখনৰ চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যাসমূহ সামৰি কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে৷

বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ কামৰ মৰ্যদা প্ৰদান নকৰাৰ অভিযোগ । লগতে শ্ৰমিকৰ চিকিৎসা ব্যৱস্থা, বাসগৃহ মেৰামতি কৰা আদি কাম নকৰাৰ বাবে শ্ৰমিক সকলে সমস্যাত পৰিব লগা হৈছে । শ্ৰমিকসকলৰ এই দাবীসমূহ অনতিপলমে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে  প্ৰতিবাদকাৰী শ্ৰমিকসকলে ৷

লগতে পঢ়ক : দৰমহাসহ বকেয়া বিচাৰি বঞ্চিত শ্ৰমিক নামিল ৰাজপথত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.