বিধানসভাত চৰকাৰে উন্নয়নৰ খতিয়ান দিয়া সময়তেই দলং ভাঙি তলত পৰিল ট্ৰাক

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 8:41 PM IST

thumbnail

মৰাণ, ২৩ ফেব্ৰুৱাৰীঃ চলি আছে বিধানসভাৰ বাজেট অধিৱেশন । বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী সকলে দিছে উন্নয়নৰ খতিয়ান । অসমৰ ৰাইজ সমস্যাৰ পৰা মুক্ত বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি থকাৰ সময়তে ডিব্ৰুগড়ত কাঠৰ দলং ভাঙি তলত পৰিল ট্ৰাক । এই ঘটনাত আহত হয় চালকসহ তিনিজন লোক ।

সকলো কাঠৰ দলং পকী কৰা হ'ল বুলি চৰকাৰে বিধানসভাত তথ্য দিয়া সময়ত ডিব্ৰুগড়ৰ জকাই বনাঞ্চলৰ ভিতৰৰ মহাবীৰ চাহ বাগিচা সংযোগী অতি ব্যস্ততাপূৰ্ণ পথত ভয়ংকৰ দুৰ্ঘটনা । NL 02 G 7015 নম্বৰৰ ট্ৰাকখনে জৰাজীৰ্ণ কাঠৰ দলঙখনৰ ওপৰেদি পাৰ হৈ যোৱা অৱস্থাত বাগৰি পৰে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈ পৰে । দুৰ্ঘটনাটোত গাড়ী চালকসহ তিনিজন আহত হোৱাত ৰাইজৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় । বিধানসভা চলি থকাৰ মাজতে সংঘটিত এই ঘটনাই চৰকাৰৰ উন্নয়নৰ আচল স্বৰূপ উদঙাই দিছে ।  

লগতে পঢ়ক:লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.