প্ৰতিকূল বতৰকো নেওচি শক্তি বিভাগৰ বিৰুদ্ধে ৰাজপথত ৰাইজ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 2:01 PM IST

thumbnail

যোৰহাট, 23 ফেব্ৰুৱাৰী: উচ্চ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অব্যাহত থকাৰ সময়ত ৰাজ্যৰ শক্তি বিভাগে নিয়মীয়াকৈ বিদ্যুৎ যোগান নধৰাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সচেতন ৰাইজ ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বিগত কিছুদিন ধৰি তিতাবৰৰ বৃহত্তৰ চুঙী চাহ বাগিচা অঞ্চলত কোনো কাৰণ নোহোৱাকৈ শক্তি বিভাগে ঘণ্টা জুৰি কৰ্তন কৰি আহিছে বিদ্যুৎ যোগান সেৱা ৷ ফলত সমস্যাত পৰিছে পৰীক্ষাৰ্থীসকল ৷

তিতাবৰ উপ-সংমণ্ডলৰ কৰ্মকাণ্ডত ক্ষুভিত আৰু অতিষ্ঠ হৈ বৰষুণকো নেওচি বৃহস্পতিবাৰৰ নিশা ওলাই আহিল অঞ্চলটোৰ অৰ্ধ শতাধিক পুৰুষ-মহিলা । শৈক্ষিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে শক্তি বিভাগৰ বাবে সন্মুখীন হোৱা সমস্যাৰ প্ৰতিবাদ জনাই স্থানীয় সকলো ৰাইজ ওলাই আহি ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: নলবাৰীত ৰাইজৰ অজ্ঞাতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.