নলবাৰীত ৰাইজৰ অজ্ঞাতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 6:56 PM IST

thumbnail

নলবাৰী, ১২ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ বৰভাগৰ যুগৰবড়িত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । ৰাইজৰ অজ্ঞাতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ অভিযোগত যুগৰবড়িৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ফলত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীয়ে ভুগিছে দুৰ্ভোগ । উল্লেখযোগ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত গাঁওখনৰ এঘৰ লোকে বিদ্যুৎ চুৰি কৰি সংযোগ কৰাৰ অভিযোগত বিদ্যুৎ বিভাগে গাওঁখনৰ ৫০ ঘৰ লোকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে । যাৰ বাবে ক্ষুব্ধ হয় অঞ্চলবাসী ।  

উল্লেখ্য় যে আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা । আনহাতে, অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব । পৰীক্ষাৰ এনে সময়ত যুগৰবড়িত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাত শিক্ষাৰ্থী সকলেও পঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । ফলত সোমবাৰে ৰাইজে উক্ত ট্ৰেঞ্চফৰ্মাৰৰ সন্মুখত 'বিদ্যুৎ বিভাগ হায় হায়', 'বিদ্যুৎ বিভাগ মুৰ্দাবাদ', 'আমাক বিদ্যুৎ সংযোগ কৰি দিবই লাগিব' আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অচিৰেই নলবাৰী বিদ্যুৎ সংমণ্ডলে অঞ্চলটোত বিদ্যুৎ সেৱা পুনৰ সংযোগ কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক:মহানগৰীত অপহৃত কন্যা শিশু উদ্ধাৰ: মহিলাসহ গ্ৰেপ্তাৰ ৪ অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.