ETV Bharat / state

মহানগৰীত অপহৃত কন্যা শিশু উদ্ধাৰ: মহিলাসহ গ্ৰেপ্তাৰ ৪ অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 2:24 PM IST

Updated : Feb 12, 2024, 3:45 PM IST

Kidnapped case in Guwahati: দিনদুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিছিল এটি শিশুক । খানাপাৰা উৰণ সেতুৰ সমীপত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাটোৰ সৈতে জড়িত অভিযুক্তক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ ।

Kidnapped case in Guwahati
শিশু অপহৰণৰ ঘটনা

মহানগৰীত অপহৃত কন্যা শিশু উদ্ধাৰ

গুৱাহাটী ,১২ ফেব্ৰুৱাৰী: মহানগৰীৰ খানাপাৰাৰ পৰা অপহৃত কন্যা শিশুটি উদ্ধাৰ হৈছে । নিশা ফটাশিল আমবাৰীৰ পৰা আৰক্ষীয়ে অপহৃত শিশুটিক উদ্ধাৰ কৰে । দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশুটিক । এই ঘটনাটো সংঘটিত হোৱাৰ ৬ ঘন্টাৰ পিছতেই দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিক । লগতে অপহৰণৰে জড়িত ৪ অভিযুক্তক নিশাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত সমীৰ দে'সহ ৩ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে দেওবাৰে দিন দুপৰতে খানাপাৰাৰ পৰা অপহৃত হৈছিল শিশুটি ৷ তাৰ পিছতে শিশুটিৰ মাতৃয়ে এজন যুৱকে অপহৰণ কৰা বুলি সন্দেহ কৰিছিল । পিছত নিশাই সুকলমে উদ্ধাৰ কৰে যদিও সময় বাগৰাৰ লগে লগে চাঞ্চল্যকৰ শিশু অপহৰণকাণ্ডৰ ৰহস্য পোহৰলৈ আহে । আৰক্ষী সূত্ৰই উল্লেখ কৰা মতে, ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰিবলৈ অপহৰণ কৰিছিল শিশুটিক । প্ৰথমে খানাপাৰাৰ ড্ৰাগছ আসক্ত এগৰাকী মহিলাই প্ৰতিদিনে শিশুটিৰ মাতৃৰ দোকানলৈ অহা সমীৰ দে'ৰ হাতত গতাই দিছিল শিশুটিক ।

পৰিকল্পনা অনুসৰি মহিলাগৰাকীয়ে কণমানিটিক তুলি দিছিল সমীৰ দে'ৰ স্কুটীত । সমীৰ দে'ই শিশুটিক স্কুটিৰে লৈ যায় ফটাশিল আমবাৰীলৈ । ফটাশিলৰ সমীৰ দে'ৰ ভাৰাঘৰৰ কিছু নিলগত এগৰাকী মহিলাৰ ঘৰত ৰাখিছিল শিশুটিক । খবৰ বিয়পি পৰাৰ লগে লগে তৎপৰ হৈ পৰে মহানগৰ আৰক্ষীৰ এটা বিশেষ দল । পিছত মাত্ৰ ৬ ঘণ্টাৰ ব্যৱধানত আৰক্ষীয়ে ফটাশিল আমবাৰীৰ পৰা সোঁশৰীৰে উদ্ধাৰ কৰে শিশুটিক ।

শিশুটিক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে এটাৰ পিছত আনটো অভিযুক্তক । আৰক্ষীৰ জেৰাত ইতিমধ্যেই ৪ অভিযুক্তই স্বীকাৰ কৰিছে অপহৰণকাণ্ডৰ সমগ্ৰ তথ্য । আনহাতে, অভিযুক্তই মিছা কথা কৈ মহিলাগৰাকীৰ পৰা সমীৰে শিশুটিক লৈ গৈছিল বুলি উল্লেখ কৰে । আনহাতে মহিলাগৰাকী সমগ্ৰ ঘটনাৰ লগত জড়িত বুলি প্ৰথমে খবৰ বিয়পি পৰাৰ লগে লগে নিশা খানাপাৰাত তেওঁক স্থানীয় ৰাইজে লপাথপা দিয়ে । পিছত আৰক্ষী উদ্ধাৰ কৰি থানালৈ লৈ আহে । আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা ৪ অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা শিশু অপহৰণ

Last Updated : Feb 12, 2024, 3:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.