দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা শিশু অপহৰণ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 8:09 PM IST

thumbnail

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: পুনৰ ৰাজধানী মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ড। দিনদুপৰতে দুৰ্বৃত্তই অপহৰণ কৰি নিলে এটি শিশুক । খানাপাৰা উৰণ সেতুৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো । মৰম কৰাৰ চলেৰে দুৰ্বৃত্তই শিশুটি অপহৰণ কৰি নিয়াৰ অভিযোগ স্থানীয় লোকৰ । শনিবাৰে দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এই অপহৰণৰ ঘটনাটো । 

খানাপাৰাৰ উৰণ সেতুৰ সমীপত দোকান দি জীৱন নিৰ্বাহ কৰা হাচিনা বেগমৰ ডেৰ বছৰীয়া কন্যা শিশুটিক অপহৰণ কৰে দুৰ্বৃত্তই । স্থানীয় লোক তথা শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়া মতে বিগত কেইবাদিনো ধৰি দোকানখনলৈ এজন যুৱক আহি আছিল । যুৱকজনে প্ৰায়ে এই শিশুটিৰ লগত খেলি সময় কটাইছিল । এই দৃশ্য প্ৰত্যক্ষ কৰিছিল শিশুটিৰ মাতৃ তথা সেই অঞ্চলৰ যান-বাহন চালকসকলেও । আজিও অনুৰূপ ধৰণে দোকানখনলৈ আহি খেলি আছিল যুৱকজনে । শিশুটিক সেই যুৱকজনে লৈ যোৱাৰ প্ৰত্যক্ষ কৰে একাংশ চালকে ৷

লগতে পঢ়ক: বিহালীত জিঅ' বেগ আঁচনিৰ কাষতেই বালি মাফিয়াৰ অবৈধ খনন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.