ETV Bharat / state

বিহালীত জিঅ' বেগ আঁচনিৰ কাষতেই বালি মাফিয়াৰ অবৈধ খনন

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:04 AM IST

Illegal sand mining in Burai River
বুৰৈ নদীৰ পৰা সংগ্ৰহ বালি

Sand smuggling in Bihali:বিহালীত বালিৰ অবৈধ খনন অব্যাহত । নিদ্ৰাৰত বন বিভাগ । মাফিয়াই অবৈধভাৱে বুৰৈ নদীৰ পৰা সংগ্ৰহ কৰি আছে বালি ।

বুৰৈ নদীৰ পৰা সংগ্ৰহ বালি

বিশ্বনাথ, ১১ ফেব্ৰুৱাৰী: বালিৰ অবৈধ খননৰ ফলত নদীৰ খহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে বিহালী সমষ্টিৰ বটিয়ামাৰীত ৷ উক্ত অঞ্চলটোত অবৈধ খননৰে চলি আছে বালিৰ চোৰাং ব্যৱসায় । সচেতন ৰাইজৰ অভিযোগৰ পিচতো বন বিভাগক মেনেজ কৰি মুক্তভাৱে বালি কঢ়িয়াই আছে মাফিয়াই । বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক লৈ ৰাইজৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে ৷

যি সময়ত চৰকাৰে দুৰ্নীতি আৰু মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়তে ভূ-মাফিয়াই গা কৰি উঠিছে বিহালীত । বিশ্বনাথ জিলাৰ পূৱ শোণিতপুৰ বন বিভাগৰ অধীনত বৰগাং বনাঞ্চলিক বিষয়া অধীনৰ বুৰৈ নদী বটিয়ামাৰী অঞ্চলত বনজ সম্পদৰ লুণ্ঠন মুক্তভাৱে চলি আছে । বিগত কিছুদিন ধৰি একাংশ বালি মাফিয়াই অবৈধভাৱে বুৰৈ নদীৰ পৰা বালি সংগ্ৰহ কৰিয়েই আছে । বন বিভাগে পৰিচালনা নকৰাকৈ প্ৰতিদিনে বালি চোৰাংকৈ সৰবৰাহ হৈ আছে । ফলত চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, বুৰৈ নদী খহনীয়া প্ৰতিৰোধৰ বাবে বিশ্বনাথ জল সম্পদ বিভাগে প্ৰায় ২ কোটি টকাৰ এক আচঁনি জৰিয়তে জি অ'বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰিছে যদিও উক্ত জি অ'বেগৰ আচঁনিৰ নিচেই কাষৰ পৰাই একাংশ বালি শিল মাফিয়াই দৈনিক সংগ্ৰহ কৰা ফলত প্ৰায় ২ কোটি টকীয়া খহনীয়া প্ৰতিৰোধ জি'অ বেগ আচঁনি পুনৰ খহনীয়াত যাহ যোৱাৰ আশংকাই দেখা দিছে ।

ইফালে ৰাইজে উত্থাপন কৰা অভিযোগ মতে, বৰগাঙৰ একাংশ বনকৰ্মীক মেনেজ কৰি ভূ-মাফিয়াই এই ছিণ্ডিকেট দীৰ্ঘদিন ধৰি চলাই আহিছে । অবৈধভাৱে বালি নিষ্কাষণৰ ফলত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বুৰৈ নদীৰ খহনীয়াই বিপদজনক ৰূপ ধাৰণ কৰাৰ লগতে চৰকাৰে লাখ লাখ টকা ৰাহজ হেৰুৱা বুলি সচেতন মহলে মন্তব্য় কৰিছে ।

লগতে পঢ়ক:ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.