ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স
Poor Road Condition at Tingkhong : কেবিনেট মন্ত্ৰী বিমল বড়াৰ সমষ্টি টিংখাঙত জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ । ভগ্নপ্ৰায় দলঙখনৰ বাবে ৰাইজৰ যমৰ যাতনা । পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।

Published : February 11, 2024 at 8:43 AM IST
মৰাণ, ১১ ফেব্ৰুৱাৰী: ৰাজ্যৰ চৌদিশে এতিয়া চলিছে উন্নয়নৰ ৰঙীন বিজ্ঞাপন । ৰাজ্যখনৰ পৰা সমস্যা প্ৰায়ে নোহোৱা হোৱা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা মন্ত্ৰী-বিধায়ক সকলোৱে দাবী কৰে । দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ সময়ত কেবিনেট মন্ত্ৰী বিমল বড়াৰ সমষ্টি টিংখাঙত জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ ।
যিকোনো মূহুৰ্ততে ভাঙি পৰিব পৰা এখন জহি-খহি যোৱা কাঠৰ দলং । জৰাজীৰ্ণ দলঙখনৰ বাবে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি জীয়াতু ভোগ কৰি আহিছে টিংখাঙৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে । টিংখাঙৰ ডিকচাম নদীৰ ওপৰৰ এইখন দলঙৰ ওপৰেৰে পাৰ হৈ যাবলৈ এশবাৰ ভাবিব লগীয়া হয় পথচাৰীয়ে । টিংখাঙৰ কেন্দুগুৰি পঞ্চায়তৰ অন্তৰ্গত থেকেৰাগুৰী- কাকৱনী সংযোগী মূল পথৰ ওপৰত অৱস্থিত কাঠৰ দলঙখন সম্পূৰ্ণৰূপে যাতায়তৰ অনুপযোগী হৈ পৰিছে । প্ৰায় ৪ বছৰ পূৰ্বে নিৰ্মাণ কৰা দলঙখনৰ বহু অংশৰ কাঠ ইতিমধ্যে এৰি গৈছে। ভাগি পৰিছে ৰেলিঙৰ অংশ।
- " class="align-text-top noRightClick twitterSection" data="">
দলংখনৰ সন্মুখৰ এটা অংশ বহি গৈ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। ভগ্নপ্ৰায় দলঙৰ ওপৰেৰে চুলিৰ আগত জীও লৈ পাৰ হ'ব লগা হয় পথচাৰী। বিধ্বস্ত প্ৰায় দলং খনত যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পৰা ভয়ংকৰ দূৰ্ঘটনাৰ আশংকাত দিন অতিবাহিত কৰিছে অঞ্চলবাসীয়ে । ভগা দলং খনৰ বাবে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি জীয়াতু ভোগ কৰি আহিছে থেকেৰাগুৰী ,কাকৱনীবাসীয়ে । ডিকচাম নদীৰ এই দলঙখনৰ কাষতে লাগি থকা থেকেৰাগুৰী মধ্য ইংৰাজী বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সকলো শ্ৰেণীৰ ৰাইজে অতি বিপদ সংকুলভাৱে যাতায়ত কৰিব লগা হৈছে ।
আনহাতে, চাৰিচকীয়া বাহন পাৰ হ'ব নোৱাৰাৰ ফলত বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা খেতিয়ক সকল । ইফালে, এম্বুলেন্স আহিব নোৱাৰাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় ৰোগী তথা প্ৰসূতি সকলে । স্থানীয় ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পাচতো আজিলৈকে দলংখন মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । সেয়ে স্থানীয় ৰাইজে দীৰ্ঘদিনীয়া এই জলন্ত সমস্যাটোৰ শীঘ্ৰে স্থায়ী সমাধান বিচাৰি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াক আহ্বান জনাইছে ।
লগতে পঢ়ক:সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

