ETV Bharat / state

সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:08 PM IST

Poor Road Condition at Khowang
ক্ষোভিত সৰ্ব সাধাৰণ ৰাইজ

Poor Road Condition at Khowang : নিৰ্বাচনৰ পূৰ্বে ঐতিহাসিক মৰিয়া আলিৰ মেৰামতি নকৰিলে বিজেপিক এসেকা দিবলৈ কঁকালত টঙালি বান্ধিলে খোৱাঙৰ ৰাইজে ৷ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক ৷

জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক

মৰাণ, 10 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে চৰকাৰৰ কামৰ খতিয়ান বিশ্লেষণ কৰিছে সৰ্বসাধাৰণ ৰাইজে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন দিলেও ডিব্ৰুগড় লোকসভা সমষ্টিত গ্ৰাম্য উন্নয়নক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰাইজে ৷ নিৰ্বাচনৰ পূৰ্বে গ্ৰামাঞ্চলৰ জৰাজীৰ্ণ পথ-দলঙক লৈ এতি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সমষ্টিটোৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ খোৱাং বিধানসভা সমষ্টিৰ ৰাইজৰ ৷ কিয়নো ডিব্ৰুগড়ৰ খোৱাঙত পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক ৷ খোৱাং সমষ্টিৰ অন্তৰ্গত মৰিয়া আলিৰ বিধ্বস্ত ৰূপত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ গড়কাপ্তানি বিভাগৰ অধীনৰ প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ শিলপোটা আৰু বৰফুকন আলি সংযোগী পথটোৰ অৱস্থা ইমানেই তথৈবচ হৈ পৰিছে যে গাড়ী-মটৰ দূৰৰে কথা খোজ কাঢ়ি যাবলৈও ৰাইজে চিন্তা কৰিব লগা হয় ৷

প্ৰায় এশৰো অধিক গাঁৱৰ সংযোগী অতি ব্যস্ত পথটোৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৷ উপায়ন্তৰ হৈ ৰাইজে এতিয়া অন্য পথেৰে বাটকুৰি বাব লগা হৈছে ৷ কি বিধায়ক, কি সাংসদ কাৰো যেন ভ্ৰূক্ষেপ নাই জৰাজীৰ্ণ পথটো মেৰামতিৰ ক্ষেত্ৰত ৷ ৰাইজৰ ক্ষোভ, কেৱল নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধি আহে ৰাইজৰ কাষলৈ ৷ নিৰ্বাচনৰ পিছত সকলো পাহৰি যায় ৷ ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ ছাঁটোকে নেদেখাৰ অভিযোগ খোৱাং সমষ্টিৰ ৰাইজৰ ৷ গতিকে এতিয়া পথটো শীঘ্ৰে মেৰামতি নকৰিলে সমাগত লোকসভা নিৰ্বাচনত এসেকা দিয়াৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মেধাৱী ছাত্ৰীক স্কুটী প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.