পুনৰ অনিশ্চিত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ ! - Naba Kumar Sarania Press Meet

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 3:36 PM IST

thumbnail

বাক্সা, 4 এপ্ৰিল : পুনৰ অনিশ্চিত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ ৷ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ত আবেদন কৰাৰ পাচতে অনিশ্চিত হৈ পৰিছে নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ ৷ 19 এপ্ৰিলত এই সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰিব উচ্চ ন্যায়ালয়ে ৷  

বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমাত এক সংবাদমেল সম্বোধন কৰি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এয়া অসম চৰকাৰৰ ষড়যন্ত্ৰ বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ সাংসদগৰাকীয়ে কয় যে জনক লাল বসুমতাৰী, প্ৰমীলা ৰাণী ব্ৰহ্ম নামতহে ৷ এয়া অসম চৰকাৰৰ ছত্ৰছায়াতে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে বুলি অভিযোগ কৰে নৱ কুমাৰ শৰণীয়াই ৷

কোকৰাঝাৰত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বাবে এই ধৰণৰ ষড়যন্ত্ৰ কৰি আহিছে বুলি কয় তেওঁ ৷ 19 এপ্ৰিলত পুনৰ উচ্চ ন্যায়ালয়ে জাতিগত প্ৰমাণ পত্ৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিব যদিও ইয়াৰ পূৰ্বে বিকল্প পথ গ্ৰহণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে নৱ কুমাৰ শৰণীয়াই ৷ 

উল্লেখ্য যে, জাতিগত প্ৰমাণ পত্ৰক লৈ প্ৰশ্ন উত্থাপন হোৱা নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ে ৰায় দিছিল ৷ 

লগতে পঢ়ক : নির্বাচনী বিধি উলংঘাৰ অভিযোগত ৰকিবুল হুছেইনলৈ জাননী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.