ধিঙৰ চৰত গুলীচালনাৰ ঘটনা ! আৰক্ষীৰ মতে উৰাবাতৰিহে - Suspicious shooting incident - NAGAON POLICE

🎬 Watch Now: Feature Video

thumbnail
সন্দেহজনক গুলীচালনাৰ ঘটনা (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:35 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 29 মাৰ্চ : নগাঁৱৰ ধিঙৰ উধানতলা চৰত শুকুৰবাৰে সন্ধিয়া এক গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰচাৰ হোৱাৰ লগে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ প্ৰচাৰ হোৱা মতে মাতাব্বৰে ভূমি বেদখল কৰিবলৈ আহি শূণ্যলৈ গুলীচালনা কৰে ৷  

চাৰিজনীয়া মাতাব্বৰৰ দলে ভূমি বেদখল কৰিবলৈ আহি শূণ্যলৈ গুলীচালনা কৰা বুলি এক খবৰ ওলোৱাৰ পিচতেই ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিতি হৈ আৰম্ভ কৰে তদন্ত ৷ কিন্তু গুলীচালনা সংঘটিত হোৱাৰ খবৰ ওলাইছে যদিও তদন্তকাৰী আৰক্ষীৰ দলে কোনো খালী কাৰ্টিজ অথবা আন কোনো প্ৰমাণ লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷  

এই সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰা নাই যদিও নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ সৈতে ই টি ভি ভাৰতৰ সাংবাদিকে ফোনযোগে যোগাযোগ কৰাত এই পৰ্যন্ত গুলীচালনাৰ কোনো সত্যতা নাই বুলি অৱগত কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷ আনকি এয়া এক উৰা বাতৰি বুলিও অভিহিত কৰে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : গঁড়ৰ ৰহস্যজনক মৃত্যু: কাজিৰঙাৰ বনাঞ্চলিক বিষয়াক নিলম্বন - Dead Rhinoceros In Kazriranga

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details