ধিঙৰ চৰত গুলীচালনাৰ ঘটনা ! আৰক্ষীৰ মতে উৰাবাতৰিহে - Suspicious shooting incident

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:35 PM IST

thumbnail

নগাঁও, 29 মাৰ্চ : নগাঁৱৰ ধিঙৰ উধানতলা চৰত শুকুৰবাৰে সন্ধিয়া এক গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰচাৰ হোৱাৰ লগে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ প্ৰচাৰ হোৱা মতে মাতাব্বৰে ভূমি বেদখল কৰিবলৈ আহি শূণ্যলৈ গুলীচালনা কৰে ৷  

চাৰিজনীয়া মাতাব্বৰৰ দলে ভূমি বেদখল কৰিবলৈ আহি শূণ্যলৈ গুলীচালনা কৰা বুলি এক খবৰ ওলোৱাৰ পিচতেই ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিতি হৈ আৰম্ভ কৰে তদন্ত ৷ কিন্তু গুলীচালনা সংঘটিত হোৱাৰ খবৰ ওলাইছে যদিও তদন্তকাৰী আৰক্ষীৰ দলে কোনো খালী কাৰ্টিজ অথবা আন কোনো প্ৰমাণ লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷  

এই সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰা নাই যদিও নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ সৈতে ই টি ভি ভাৰতৰ সাংবাদিকে ফোনযোগে যোগাযোগ কৰাত এই পৰ্যন্ত গুলীচালনাৰ কোনো সত্যতা নাই বুলি অৱগত কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷ আনকি এয়া এক উৰা বাতৰি বুলিও অভিহিত কৰে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : গঁড়ৰ ৰহস্যজনক মৃত্যু: কাজিৰঙাৰ বনাঞ্চলিক বিষয়াক নিলম্বন - Dead Rhinoceros In Kazriranga

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.