সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:27 PM IST

thumbnail

সৰুপথাৰ, ১২ মাৰ্চ : এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সৰুপথাৰৰ চাই বাবা মন্দিৰৰ সমীপত ৷ এখন তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে এজন পথচাৰীৰ লগতে আন এজন চাইকেল আৰোহীক । থিতাতে নিহত হয় এজন বাইক আৰোহী । নিহত বাইক আৰোহীজন নাওজানৰ কৈৰী গাঁৱৰ বাবু কলিতা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক চালক পংকজ গগৈৰ লগতে পথচাৰী আকাশ কোঁৱৰ আৰু অবিনাশ মিশ্ৰ নামৰ লোকজন । আহত তিনিওজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় সৰুপথাৰ সমূহীয়া চিকিৎসালয়ত ৷

উৰিয়ামঘাটৰ পৰা আহিছিল বাইক আৰোহী দুজন । দুৰ্ঘটনা সংঘটিত কৰা হোণ্ডা বাইকখনৰ নম্বৰ AS05U1336 । চাইকেলেৰে গৈ থকা অৱস্থাতে এক নং গন্ধকৰৈৰ আকাশ কোঁৱৰক খুন্দা মাৰে বাইকখনে ৷ আন এজন পথচাৰী অবিনাচ মিশ্ৰকো খোজ কাঢ়ি ঘৰলৈ গৈ থাকোতেই পিছফালৰ পৰা খুন্দিয়াই দিয়ে বাইকখনে । অবিনাচ মিশ্ৰৰ ঘৰ পাণবাৰী, জবৰাজানত বুলি জানিব পৰা গৈছে । সংকটজনক অৱস্থাত আকাশ কোঁৱৰক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : কাহিলীপুৱাতে মৰিগাঁও-নগাঁৱৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা, থিতাতে নিহত 1 আহত 9

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.