কাহিলীপুৱাতে মৰিগাঁও-নগাঁৱৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা, থিতাতে নিহত 1 আহত 9

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:51 AM IST

thumbnail

মৰিগাঁও, 12 মাৰ্চ : মৰিগাঁও-নগাঁৱৰ ৰাষ্ট্ৰীয় পথৰ নামগাঁৱত মঙলবাৰৰ কাহিলীপুৱাতে সংঘটিত হয় এটা শোকাৱহ দুৰ্ঘটনা । জানিব পৰা মতে, AS 21 C 5031 নম্বৰৰ যাত্ৰী কঢ়িওৱা এখন টেম্প’ই এখন নৈশ বাছৰ পাছফালে খুন্দা মাৰে ৷ যাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত আহতসকলৰ ঘৰ নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত ধৰমুখৰ বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি টেম্প’খনত 10 জন লোক আছিল । ইয়াৰে দুজন পুৰুষ আৰু 8 গৰাকী মহিলা বুলি আৰক্ষীয়ে জনায় । এই দুৰ্ঘটনাত ঘটনাস্থলীতে এগৰাকী নিহত হোৱা বুলি জানিব পৰা গৈছে । নিহতগৰাকীৰ নাম ৰুবীয়া খাতুন । আহত 9 জন ।

ইয়াৰে 5 জনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আৰু দুজনক মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:  মৃত্যুদূতৰূপী ৰাজ্যৰ ৰাজপথ : এবছৰত ৭,৩২৩টা পথ দুর্ঘটনাত ২,৯৯৪ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.