ETV Bharat / state

মৃত্যুদূতৰূপী ৰাজ্যৰ ৰাজপথ : এবছৰত ৭,৩২৩টা পথ দুর্ঘটনাত ২,৯৯৪ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 4:13 PM IST

Road accident in Assam
মৃত্যুদূত ৰূপী ৰাজ্যৰ ৰাজপথ

Road accident in Assam: ৰাজ্যৰ যাতায়াত ব্যৱস্থাৰ দুৰৱস্থা । এবছৰত পথ দুৰ্ঘটনাই প্ৰাণ নিলে প্ৰায় তিনি হাজাৰ লোকৰ । নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে সংঘটিত ২৮৪টা পথ দুর্ঘটনাত মৃত্যু হৈছে ১৩৯ জনৰ । মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে সংঘটিত ২৭৬টা পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১২২ জন লোকৰ । পাঁচ বছৰত ৰাজ্যখনত ৩৭,৬২৭টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৪,৮৩৩ জন লোকৰ । তিনি বছৰত ৰাজ্যখনত পথ দুৰ্ঘটনাত আহত হয় ১৬,৬৬৯জন লোক ।

গুৱাহাটী,১০ মাৰ্চ: পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এইক্ষেত্রত বিশেষ কোনো সফলতা লাভ কৰা নাই । বিগত কেইবা বছৰ ধৰি অসমত পথ দুৰ্ঘটনাৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । পথ দুৰ্ঘটনাৰ আঁৰত বহু কেইটা কাৰণ জড়িত হৈ আছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ, ফ’ৰলেন আৰু লোকনির্মাণ বিভাগৰ অধীনৰ ভালেমান ৰাজ্যিক পথৰ আধৰুৱা অৱস্থা থকা তথা কাৰিকৰী দিশত বিসংগতিপূর্ণ পথ এতিয়া একপ্ৰকাৰ নীৰৱ ঘাতকলৈ পৰিণত হৈছে ।

দুর্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চালকৰ পৰা জৰিমনাও আদায় কৰি আহিছে । কিন্তু তথাপিও পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হোৱা নাই । লক্ষণীয় বিষয় যে পথ নিৰ্মাণত নিম্নমানৰ কামৰ জৰিয়তে পুঁজি লুণ্ঠনত গুৰুত্ব দিয়া ঠিকাদাৰী প্রতিষ্ঠান, পথ নিৰ্মাণৰ কাম-কাজ তদাৰক কৰা কৰ্তৃত্বশীল প্রতিষ্ঠান, সংশ্লিষ্ট বিষয়া আদিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ বাবেই নিৰ্ধাৰিত সময়ত পথ সম্পূৰ্ণ হৈ নুঠাত দিনক দিনে বৃদ্ধি পোৱা পথ দুর্ঘটনাই ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্রতিবেদন অনুসৰি বিগত বছৰটোত অসমত সংঘটিত হৈছে ৭,৩২৩টা পথ দুর্ঘটনা । এই দুর্ঘটনাসমূহত প্ৰাণ হেৰুৱাব লগা হৈছে ২,৯৯৪ জন লোকে । কেন্দ্ৰীয় চৰকাৰৰ উক্ত প্রতিবেদনৰ তথ্য মতে ২০২২ বৰ্ষত দুর্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত ১৮ বছৰৰ তলত হৈছে ১৭৩ গৰাকী, ১৮-২৫ বছৰ বয়সৰ ভিতৰত হৈছে ৭৯৫ গৰাকী, ৩৫-৪৫ বছৰ বয়সৰ ভিতৰত হৈছে ৬০৯ গৰাকী অৰু ৬০ বছৰ ঊৰ্ধ্বৰ হৈছে ৩১ গৰাকী ।

লক্ষণীয় বিষয় যে অসমত সংঘটিত পথ দুৰ্ঘটনাসমূহৰ ভিতৰত অত্যধিক গতিবেগৰ বাবেই বিগত দুটা বৰ্ষতে ৪,৫৭৩টা পথ দুর্ঘটনা সংঘটিত হৈছে । আনহাতে সুৰাপান কৰি অথবা নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে বিগত বৰ্ষত ২৮৪টা পথ দুর্ঘটনা সংঘটিত হৈছে আৰু এইসমূহ দুৰ্ঘটনাত ১৩৯জনে অকালতে প্রাণ হেৰুৱাব লগা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

সেইদৰে পথৰ দিশ অমান্য কৰি ভুল দিশেৰে গাড়ী চলোৱাৰ বাবে বিগত বৰ্ষটোত ৭৯৪টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ৩৩০জন লোকে প্রাণ হেৰুৱাবলগীয়া হয় । আনহাতে গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবেও বিগত বৰ্ষটোত ২৭৬ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু মৃত্যু হৈছে ১২২ জন লোকৰ । উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতেই সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় ।

কাৰণ যিয়েই নহওক কিয় অসমত বিগত কেইবছৰমানৰ পৰা পথ দুৰ্ঘটনাৰ সংখ্যা অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । ইফালে কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতেই অসমত প্রতিদিনেই ৰাজপথত সংঘটিত গড়ে ২০ টাকৈ পথ দুৰ্ঘটনাত নিহত হয় গড়ে প্রায় পাঁচজনকৈ লোক । আনহাতে আহত হয় ১৫ জনকৈ লোক । ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত ৰাজ্যখনত মুঠ ৩৭,৬২৭টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৪,৮৩৩জন লোকৰ ।

তথ্য অনুসৰি ৰাজ্যখনত ২০১৮ চনত ৮,২৪৮টা, ২০১৯ চনত ৮,৩৫০টা, ২০২০ চনত ৬,৫৯৫টা, ২০২১ চনত ৭,৪১১টা আৰু ২০২২ চনত ৭,০২৩টা পথ দুর্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাৰ মৃত্যুৰ হাৰো উদ্বেগজনক । ২০১৮ চনত ২,৯৬৬জন, ২০১৯ চনত ৩,২০৮জন, ২০২০ চনত ২,৬২৯ জন, ২০২১ চনত ৩,০৩৬জন আৰু ২০২২ চনত ২,৯৯৪ জন লোকৰ দুর্ঘটনাত মৃত্যু হৈছে ।

ইফালে বিগত তিনি বছৰত ৰাজ্যখনত পথ দুৰ্ঘটনাত আহত হয় ১৬,৬৬৯জন লোক । সেই অনুসৰি ২০২০ চনত ৫,২৬৯ জন, ২০২১ চনত ৫,৭৬৩জন আৰু ২০২২ চনত ৫,৬৩৭ জন লোক আহত হৈছে । উল্লেখ্য যে ৰাজ্যখনত আছে ৯৫টাকৈ দুর্ঘটনাপ্রৱণ অঞ্চল । ব্লেক স্পট হিচাপে বিবেচিত উক্ত স্থানসমূহত বিগত পাঁচ বছৰত সংঘটিত ৪৩৬টা দুৰ্ঘটনাত নিহত হৈছে ৩০৪জনকৈ লোক । ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে সুৰাপান, অধিক গতিত বাহন চলোৱা আৰু জৰাজীৰ্ণ পথ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: হাজোৰ বৰ্ণিত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ, আহত ১০ ৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.