ETV Bharat / state

হাজোৰ বৰ্ণিত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ, আহত ১০ ৰো অধিক

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 9:18 AM IST

Updated : Mar 10, 2024, 2:10 PM IST

Horrific road accident in Hajo
হাজোৰ বৰ্ণিত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ

Road accident: পুৱাতেই হাজোৰ বৰ্ণিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় এজন । গুৰুতৰভাৱে আহত প্ৰাায় ১০ জনকৈ লোক ।

হাজোৰ বৰ্ণিত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ

হাজো, 10 মাৰ্চ: দেওবাৰে পুৱাই হাজোৰ বৰ্ণিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বলেৰʼ পিক আপ ভেন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্টনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত থিতাতে নিহত 1 জন লোক । আনহাতে, 10 জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ।

এই দুৰ্ঘটনাত নিহত লোকজন মুকালমুৱাৰ চাউলখোৱা পাৰৰ ফুলবৰ আলী বুলি চিনাক্ত কৰা হৈছে । এই দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ লোক ৷ ইতিমধ্যে গুৰুতৰভাৱে আহত লোকসকলক আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) লৈ প্ৰেৰণ কৰা হৈছে ।

দুৰ্ঘটনাত পতিত হোৱা ব’লেৰখনৰ নম্বৰ AS-25DC-0607 আৰু মটৰ চাইকেলৰ নম্বৰ AS 14K 1290 । জানিব পৰা মতে মুকালমুৱাৰ পৰা গুৱাহাটীলৈ গৈ আছিল মাছ ভৰ্তি বলেৰʼ বাহনখন ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ কিন্তু এইক্ষেত্রত বিশেষ কোনো সফলতা লাভ কৰা নাই । বিগত কেইবা বছৰ ধৰি অসমত পথ দুৰ্ঘটনাৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ।

পথ দুৰ্ঘটনাৰ আঁৰত বহু কেইটা কাৰণ জড়িত হৈ আছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ, ফ’ৰলেন আৰু লোকনির্মাণ বিভাগৰ অধীনৰ ভালেমান ৰাজ্যিক পথৰ আধৰুৱা অৱস্থা থকা তথা কাৰিকৰী দিশত বিসংগতিপূর্ণ পথ এতিয়া একপ্ৰকাৰ নীৰৱ ঘাতকলৈ পৰিণত হৈছে । দুর্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চালকৰ পৰা জৰিমনাও আদায় কৰি আহিছে । তথাপিও কিন্তু হ্ৰাস হোৱা নাই পথ দুৰ্ঘটনাৰ সংখ্যা ।

লগতে পঢ়ক : পৰীক্ষা দিবলৈ আহি বিদ্যালয়ৰ সন্মুখতে মৃত্যু দুই ছাত্ৰীৰ

Last Updated :Mar 10, 2024, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.