লোকসভা নিৰ্বাচনত কংগ্ৰেছলৈ সমৰ্থন অবড়ো সুৰক্ষা সমিতিৰ - Lok sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 2:30 PM IST

thumbnail

ৰঙিয়া, 21 এপ্ৰিল: বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক অ-বড়ো সুৰক্ষা সমিতি ৷ ৰঙিয়া প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে অবড়ো সুৰক্ষা সমিতিয়ে । অবড়ো সংখ্যাগৰিষ্ঠ গাওঁ কৰ্তন নকৰাত ক্ষোভ প্ৰকাশ কৰে সমিতিয়ে । 

সংবাদমেল যোগে নৱ শৰণীয়াই অবড়োসকলক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে সমিতিয়ে । দৰং-ওদালগুৰিত মাধৱ ৰাজবংশীক আৰু কোকৰাঝাৰত গৌৰীশংকৰ শৰণীয়াক সমৰ্থন আগবঢ়ায় সমিতিয়ে । ৰঙিয়া প্ৰেছ ক্লাবত অবড়ো সুৰক্ষা সমিতিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই কয়, " দৰং-ওদালগুৰিত মাধৱ ৰাজবংশীক, কোকৰাঝাৰত তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়াক সমিতিয়ে সমৰ্থন জনাইছে । আজিলৈকে বিজেপিয়ে বড়োভূমিৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তন কৰাত কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে । বিজেপিৰ প্ৰতাৰণাৰ বাবেই লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন দিবলৈ অ-বড়ো সুৰক্ষা সমিতি বাধ্য হ'ল ।" 

নৱ শৰণীয়াই অবড়োসকলক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি অ-বড়ো সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকলে বড়োভূমিৰ অবড়োসকলক বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ৰাজনৈতিক অঘটন : নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.