প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত এতিয়া অখিল-লুৰীণজ্যোতি মতে হয়: পবিত্ৰ মাৰ্ঘেৰিটা

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 10:52 PM IST

thumbnail

ডিব্ৰুগড়, 5 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি ব্যাপক প্ৰচাৰত ব্যস্ত শাসক দল বিজেপি । লোকসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিয়ে যি ধৰণেৰে কামকাজ আগুৱাই নিছে তাৰ বিপৰীতে বিৰোধী কংগ্ৰেছকে ধৰি আন ৰাজনৈতিক দলসমূহে সেই তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হোৱা নাই  ।

বিজেপিৰ বিৰুদ্ধে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল যদিও আজি পৰ্যন্ত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হ'ব পৰা নাই । ইয়াকে লৈ বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ ।

চৰাইদেউ জিলাৰ মৰাণৰ এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ অহা সাংসদজনে কংগ্ৰেছ দলে আজিও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব নোৱৰা সম্পৰ্কে কয়, প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত এতিয়া ভূপেন বৰা, ৰকিবুল হুছেইন পৰিৱৰ্তে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ মতে হয় । কংগ্ৰেছ দলে উজনি অসম অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক লীজত দিছে ।

মধ্য অসমৰ দায়িত্ব গৌৰৱ গগৈক দিয়াৰ লগতে নামনি অসম বদৰুদ্দিন আজমলক দিয়া হৈছে । কংগ্ৰেছে ক'ত কাক প্ৰাৰ্থিত্ব দিয়ে তাক লৈ বিজেপি দল চিন্তিত নহয় বুলিও কয় ।

লগতে পঢ়ক: কৃত্ৰিমতা ভাল নোপোৱা বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.