তপন গগৈ ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ: চৰাইদেউ মৈদামত গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 5:18 PM IST

thumbnail

আমগুৰি, ১৭ মাৰ্চ: চৰাইদেউ মৈদামত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । মৈদাম ক্ষেত্ৰত উপস্থিত হৈয়েই আহোমৰ ৰীতিৰে মৈদামত ফুৰালুং পূজা কৰে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

কংগ্ৰেছ দলৰ চৰকাৰ হ’ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে ৷ ইণ্ডি এলায়েন্সৰ চৰকাৰ গঠন হ’লে প্ৰথম কেবিনেট বৈঠকতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে ।

উল্লেখ্য যে প্ৰাৰ্থিত্ব ঘোষণাৰ পিচত প্ৰথমবাৰৰ বাবে দেওবাৰে চৰাইদেউত উপস্থিত কংগ্ৰেছ নেতাগৰাকী ৷ চৰাইদেউ মৈদামত সেৱা লৈ আজি দিনটো চৰাইদেউ জিলা পৰিভ্ৰমণ কৰিব গৌৰৱ গগৈয়ে । প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈৰ নেতৃত্বত দলীয় কৰ্মীসকলে ৷

লগতে পঢ়ক: পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি অগপৰ কাৰ্যালয়ত সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.