ETV Bharat / politics

পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি অগপৰ কাৰ্যালয়ত সোণোৱাল

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:59 PM IST

Sarbananda Sonowal at AGP office
ডিব্ৰুগড় অগপৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱাল

Sarbananda Sonowal: ভোটযুদ্ধৰ বাবে পুৰণি সতীৰ্থৰ সহযোগিতা বিচাৰি ডিব্ৰুগড় অগপৰ মুখ্য কাৰ্যালয়ত সৰ্বানন্দ সোণোৱাল ৷ অগপৰ দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ বহু বছৰৰ পিচত অগপৰ কাৰ্যালয়ত উপস্থিত হৈ নষ্টালজিক হ'ল সৰ্বানন্দ সোণোৱাল ৷

ডিব্ৰুগড় অগপৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, 17 মাৰ্চ: ডিব্ৰুগড় লোকসভা সমষ্টিত নতুন নতুন কৌশলেৰে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেওবাৰে ভোটযুদ্ধৰ বাবে পুৰণি দলীয় সতীৰ্থৰ সহযোগিতা বিচাৰি ডিব্ৰুগড় অগপৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হয় ।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি অসম গণ পৰিষদ দলত ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল সৰ্বানন্দ সোণোৱালে । অসম গণ পৰিষদ দলৰ পৰা মৰাণ সমষ্টিত প্ৰতিদ্বন্দিতা কৰি সৰ্বানন্দ সোণোৱাল অসম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । সেয়ে লোকসভা নিৰ্বাচনৰ দেওনা পাৰ হ'বলৈ উপস্থিত হয় মিত্ৰজোঁটত থকা অগপৰ ডিব্ৰুগড়ৰ মুখ্য কাৰ্যালয়ত সৰ্বানন্দ সোণোৱাল ।

অগপৰ দলীয় কৰ্মকৰ্তাৰ সৈতে সভাত মিলিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী । সভাত উপস্থিত থাকে অগপৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ অগপৰ বিধায়ক পোনাকণ বৰুৱা, জিলা সভাপতি আদিত্য গোস্বামী । অগপৰ লাহোৱাল, টিংখাং, নাহৰকটীয়া, মৰাণ, চাবুৱাসহ আটাইকেইটা সমষ্টিৰ অগপৰ দলীয় কৰ্মীসকলৰ লগত আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱালে কয় যে অসম গণ পৰিষদৰ কৰ্মীসকলে ৰাইজৰ ওচৰলৈ গৈ ভোট বিচাৰিব । বহুদিনৰ পিচত অগপৰ কাৰ্যালয়ত উপস্থিত হৈ পূৰ্বৰ কথাবোৰ মনত পৰা বুলি কয় তেওঁ । তদুপৰি কয় যে অসমত মিত্ৰজোঁটে সন্মিলিতভাবে লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে আজি ডিব্ৰুগড় জিলাৰ অগপৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিপুল আদৰণি জনায় অগপৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত একেখন আসনত শাসক-বিৰোধী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.