মাতৃৰ কুঠাৰাঘাতত প্ৰাণ হেৰালে পুত্ৰই - Child murder by mother in moran

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 10:30 AM IST

thumbnail

মৰাণ, 5 এপ্ৰিল: মাতৃৰ কুঠাৰৰ আঘাতত প্ৰাণ গ’ল পুত্ৰৰ ৷ মৰাণত সংঘটিত হৈছে এই নিশা নৃশংস হত্যাকাণ্ডৰ ঘটনাটো ৷ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাৰ ঘটনাটো ৷

ভুক্তভোগী পুত্ৰজন প্ৰয়াত ভীম গগৈৰ পুত্ৰ বাবা গগৈ (35) বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰৰ নিশা কুঠাৰেৰে বাবা গগৈক আক্ৰমণ কৰি হত্যা কৰে নিজ মাতৃ কুঞ্জলতা গগৈয়ে (55) ৷ জানিব পৰা মতে, দীৰ্ঘদিনে সুৰাসক্ত পুত্ৰই মাতৃক অত্যাচাৰ কৰি আহিছিল । 

বৃহস্পতিবাৰৰ নিশাও আন দিনাৰ দৰে সুৰাসক্ত হৈ মাতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱাত উপায়ন্তৰ হৈ এই ঘটনা মাতৃ কুঞ্জলতা গগৈয়ে সংঘটিত কৰিলে বুলি জানিবলৈ পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ পাছতেই খোৱাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত কৰা কুঞ্জলতা গগৈক আটক কৰিছে । 

এই ঘটনাই মৰাণৰ খোৱাঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: মহানগৰীত ড্ৰাগছ আসক্তই হানি-খুচি হত্যা কৰিলে যুৱকক - Sensational murder at Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.