বেংকত জমা কৰিবলৈ অনা ধন সোমালগৈ দুৰ্বৃত্তৰ পকেটত - ROBBERY case in nagaon

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:12 PM IST

thumbnail
বেংকত জমা কৰিবলৈ অনা ধন সোমালেগৈ দুৰ্বৃত্তৰ পকেটত (সাংবাদিক)

নগাঁও, 2 মে’ : নগাঁও জিলাত চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা ৷ বেংকত ধন জমা দিবলৈ অহা এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা দুৰ্বৃত্তই 45 লাখ টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে । ঘটনা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া আদিত্য এগ্ৰ’ৰাইছ মিলৰ ইউনিছ আলী নামৰ কৰ্মচাৰী জনে বেংকত জমা কৰিবলৈ আহিছিল 45 লাখ টকা । 

কিন্তু বেংকত টকা জমা কৰিবলৈ কাউণ্টাৰৰ সন্মুখত ৰৈ থকা অৱস্থাতে দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধন লৈ উধাও হয় । নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ পঞ্জাৱ নেচনেল বেংকত সংঘটিত হৈছে এই ধন লুটৰ ঘটনা । বেংকৰ পৰাই 45 লাখ টকা লুটি নিয়া ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিয়েই নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । 

নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধান লাভ কৰা নাই ।

লগতে পঢ়ক: প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাওত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Heavy Storm in Dima Hasao

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.