আগৰ দৰে হত্যা-হিংসা এতিয়া বিজেপি চৰকাৰ থকাৰ সময়ত নাই: পীযুষ হাজৰীকা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 5, 2024, 1:21 PM IST

thumbnail
জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰীকাই(ETV Bharat Assam)

বাক্সা, ৫ মে' : কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰীকাই । একত্ৰিতভাৱে আগবাঢ়ি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ সংকল্প ল'বলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ ৷ বিভাজিত নহৈ বড়ো-অবড়ো সকলোৱে মিলি চলি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

নৱ শৰণীয়াই বড়ো-অবড়ো বিভাজন কৰি ৰাইজক ভাগ ভাগ কৰিলে বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে নৱ কুমাৰ শৰণীয়াই মুছলপুৰত মনোজ দাসৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিও কোনো কাম নকৰিলে । এতিয়া নৱ শৰণীয়াই টিকট নাপাই নিজৰেই অঙহী-বঙহী এগৰাকীক টিকট দিছে বুলি উল্লেখ কৰে ৷

বিটিআৰৰ সমস্যাৰ প্ৰসংগ টানি মন্ত্ৰীয়ে কয় যে আগৰ দৰে হত্যা-হিংসা এতিয়া বিজেপি চৰকাৰ থকাৰ সময়ত নাই । এতিয়া ট্ৰিগাৰ দেখুৱাই ভোট নিবিচাৰে । এতিয়া নমস্কাৰ জনাই ভোট বিচাৰে । ট্ৰিগাৰৰ পৰা নমস্কাৰ হৈছে । নিৰ্বাচনী প্ৰচাৰত বিধায়ক ৰূপজ্যোতি কুৰ্মী, জলেন দৈমাৰী, ই এম ৰাকেশ ব্ৰহ্মও উপস্থিত থাকি সংগ দিয়ে মন্ত্ৰীগৰাকীক ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.