তিতাবৰত নিৰ্বাচনী ৰণডংকা বজালে বিজেপি দলে - LOK SABHA ELECTIONS

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:46 PM IST

thumbnail

তিতাবৰ,২৩ মাৰ্চ: তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । প্ৰতিটো লোকসভা সমষ্টি দখলৰ উদ্দেশ্যৰে নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে বিজেপিৰ নেতা-মন্ত্ৰীসকল । যিকোনো প্ৰকাৰে তপন কুমাৰ গগৈক জয়ী কৰাই যোৰহাট লোকসভা সমষ্টি দখলৰ বাবে উঠিপৰি লাগিছে বিজেপিৰ বহু হাই প্ৰফাইল নেতা । ইয়াৰ মাজতে মন্ত্ৰী পীযুষ হাজৰীকা, দিগন্ত কলিতাকে আদি কৰি কেইবাগৰাকীও নেতাৰ উপস্থিতিত তিতাবৰত নিৰ্বাচনী ৰণডংকা বজাই যোৰহাট লোকসভা সমষ্টিত বিজেপি মনোনীত প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ।  

শনিবাৰে তিতাবৰৰ গুদু বিবাহ ভৱনত ভাৰতীয় যুৱ মৰ্চা উদ্যোগত অনুষ্ঠিত হয় বিশাল যুৱ ৰণডংকা অনুষ্ঠান । তিতাবৰ গুদু বিবাহ ভৱনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বিশাল সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকা, পল্লৱলোচন দাস, ৰাণা গোস্বামীকে ধৰি বিজেপি শীৰ্ষ নেতাই । উক্ত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তিতাবৰত প্ৰায় ২৫ৰ পৰা ৩০ হাজাৰ ভোটত জয়ী হ'ব সাংসদ তপন কুমাৰ গগৈ । গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে তীক্ষ্ণ বাক্যবাণ এৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈলৈয়ো । 

লগতে পঢ়ক: ডেৰ লাখ ভোটৰ ব্যৱধানত হাৰিব গৌৰৱ গগৈ: পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.