বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ অসমৰ ৰাইজ সুখী : যোগেন মহন

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:35 AM IST

thumbnail

মৰাণ, 4 মাৰ্চ : বহু জল্পনা-কল্পনাৰ পাচত শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে লোকসভা নিৰ্বাচন 2024 ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা । প্ৰথমখন প্ৰাৰ্থী তালিকাত অসমৰ 11 টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে । ইয়াৰ পিচতে বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত মৰাণত মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

মন্ত্ৰী যোগেন মহনে কয়, ‘‘বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ অসমৰ ৰাইজ সুখী । যোগ্য প্ৰাৰ্থীক ৰাইজক সেৱা কৰিবলৈ আগবঢ়াই দিছে দলীয় নেতৃত্বই । যোৰহাটৰ সাংসদ তপন গগৈয়ে ৰাইজৰ বাবে কাম কৰিছে । তেওঁ পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাত উৎফুল্লিত হৈছে যোৰহাট সমষ্টিৰ ৰাইজ । এইবাৰ যোৰহাট সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিব তপন কুমাৰ গগৈয়ে’’ । 

লগতে এইবাৰ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হোৱা সাংসদসকলক দলে উপযুক্ত সন্মান দিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী মহনে ।

লগতে পঢ়ক: প্ৰাৰ্থী তালিকা প্ৰকাশত কৰা ভুলৰ শুধৰণি কৰিলে বিজেপিয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.